ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল ইণ্ডোনেছিয়া

আহিব পাৰে চুনামি, আমোৰিকাৰ ভূতত্ব বিভাগে দিলে আগজাননী।

News18-Assam
Updated:July 8, 2019, 7:45 AM IST
ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল ইণ্ডোনেছিয়া
আহিব পাৰে চুনামি, আমোৰিকাৰ ভূতত্ব বিভাগে দিলে আগজাননী।
News18-Assam
Updated: July 8, 2019, 7:45 AM IST
দেওবাৰে এক ভয়ংকৰ  ভূমিকম্পই জোকাৰি গ’ল ইণ্ডোনেছিয়াক। ভূমিকম্পটোৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত আছিল প্ৰায় ৬.৯। এই ভয়ংকৰ ভূমিকম্পটোৰ কেন্দ্ৰস্থল আছিল মলোক্কা সাগৰৰ পৰা ২৪ কিলো মিটাৰ গভীৰত । ইয়াৰ লগে লগে এতিয়া ভূমিকম্প অহাৰ পিছতে  আমেৰিকাৰ ভূতত্ব বিভাগে দেশখনত চুনামি অহাৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰিছে। ভূমিকম্পৰ ক্ষয়-ক্ষতিৰ বিষয়ে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ইফালে টাৰ্নেটৰ বাসিন্দাসকলে এই ভূমিকম্প অতি ভয়াৱহ আছিল বুলি মন্তব্য কৰিছে।

ইণ্ডোনেছিয়াত এনেদৰে প্ৰায়েই ভূমিকম্প হোৱা দেখা যায়!। ২০০২ চনতো ইণ্ডোনেছিয়াক এক ভয়ংকৰ ভূমিকম্পই জোকাৰী গৈছিল। ২০০২ চনৰ ভূমিকম্পই প্ৰাণ লৈছিল ২ লাখ ২০ হাজাৰৰো অধিক লোকৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি