বাৰ্ধক্যই সৃষ্টি কৰিছে সমস্যা! কামৰ পৰা অৱসৰ ল'লে সোণৰ পদক জয়ী এন্দুৰ মাগাৱাই, লেণ্ডমাইন উদ্ধাৰত নতুন এন্দুৰৰ দল নিযুক্ত

News18 Assam | News18-Assam
Updated:June 5, 2021, 9:46 PM IST
বাৰ্ধক্যই সৃষ্টি কৰিছে সমস্যা! কামৰ পৰা অৱসৰ ল'লে সোণৰ পদক জয়ী এন্দুৰ মাগাৱাই, লেণ্ডমাইন উদ্ধাৰত নতুন এন্দুৰৰ দল নিযুক্ত
মাগাৱাক বেলজিয়ামৰ পঞ্জীভুক্ত সংস্থা Apopoৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছিল, ইয়াৰ পিছতে পাঁচ বছৰীয়া কৰ্মজীৱনত বহু সাফল্য অৰ্জন কৰিছিল এন্দুৰটোৱে।

মাগাৱাক বেলজিয়ামৰ পঞ্জীভুক্ত সংস্থা Apopoৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছিল, ইয়াৰ পিছতে পাঁচ বছৰীয়া কৰ্মজীৱনত বহু সাফল্য অৰ্জন কৰিছিল এন্দুৰটোৱে।

  • Share this:

লেণ্ডমাইন চিনাক্ত কৰি সকলোতে জনপ্ৰিয় হৈ পৰা মাগাৱা নামৰ বিশেষ এন্দুৰটোৱে অব্যাহতি ল'লে কামৰ পৰা। পাঁচ বছৰীয়া কেৰিয়াৰত কম্বোডিয়াত ৭১টাকৈ লেণ্ডমাইন আৰু ডজনৰো অধিক অবিস্ফোৰিত সামগ্ৰী শুঙি সফলতাৰে উদ্ধাৰ কৰা মাগাৱাই অৱশেষত গ্ৰহণ কৰিলে অৱসৰ। বিগত বছৰত লেণ্ডমাইনৰ এই কামৰ বাবে সাহসিকতাৰ সোণৰ পদক লাভ কৰিছিল মাগাৱাই।


মাগাৱাৰ অৱসৰক লৈ মাগাৱাৰ হেণ্ডেলাৰ মালেনে কয় যে সাত বছৰীয়া আফ্ৰিকান এন্দুৰটো সম্প্ৰতি  বয়স বঢ়াৰ বাবে কিছু "মন্থৰ" হৈ পৰিছে আৰু সেয়েহে মালেনে মাগাৱাক সন্মান কৰিব বিচাৰে।


এন্দুৰ মাগাৱাক তাঞ্জানিয়াত অৱস্থিত বেলজিয়ামৰ পঞ্জীভুক্ত সংস্থা Apopoৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছিল। এই সংস্থাটোৱে ১৯৯০ৰ দশকৰ পৰা লেণ্ডমাইন চিনাক্ত কৰিবলৈ জন্তুক প্ৰশিক্ষণ দি আহিছে। এবছৰৰ প্ৰশিক্ষণৰ অন্তত জন্তুবোৰক চাৰ্টিফিকেচন কৰা হয়।




বিগত সপ্তাহত এই সংস্থাটোৱে কম্বোডিয়াৰ মাইন একচন চেণ্টাৰ (CMAC)ৰ দ্বাৰা এটা ডেকা এন্দুৰৰ নতুন দল মূল্যায়নৰ ভিত্তিত নিৰ্বাচন কৰা হৈছে। এই নতুন নিযুক্তিপ্ৰাপ্ত দলটোক "পৰামৰ্শ" দিবলৈ আৰু তেওঁলোকক ভালদৰে দায়িত্বভাৰ চমজি লোৱাত  সহায় কৰিবলৈ আৰু কেইসপ্তাহমান মাগাৱা সেই পদত থাকিব বুলি জনায় দলটোৱে ।


ইপিনে মাগাৱাৰ প্ৰশংসাত পঞ্চমুখ হৈ হেণ্ডেলাৰ মালেনে কয়– "মাগাৱাৰ প্ৰদৰ্শন অপৰাজিত আছিল আৰু মই তাৰ সৈতে একেলগে কাম কৰি গৌৰৱান্বিত হৈছো। সি সৰু যদিও আমাৰ দৰে বহু লোকৰ  জীৱন ৰক্ষা কৰাত সহায় কৰিছে ।"


লক্ষণীয় যে দক্ষিণ পূব এছিয়াৰ দেশখনত ছয় নিযুতলৈকে লেণ্ডমাইন আছে বুলি ধাৰণা কৰা হৈছে। বিগত বৰ্ষৰ ছেপ্টেম্বৰত মাগাৱাক তাৰ কামৰ বাবে PDSA সোণৰ পদক প্ৰদান কৰা হৈছিল । সংস্থাৰ ৭৭ বছৰৰ ইতিহাসত সোণৰ পদক লাভ কৰা প্ৰথম এন্দুৰটোৱেই হৈছে মাগাৱা । মাগাাৱাৰ ওজন ১.২ কেজি আৰু দীঘল ৭০চেন্টিমিটাৰ । ই আন বহু এন্দুৰৰ প্ৰজাতিতকৈ বহু ডাঙৰ। মাগাৱাই মাত্ৰ ২০ মিনিটৰ ভিতৰত টেনিছ কোৰ্টৰ আকাৰৰ পথাৰ এখন চলাথ কৰিব পাৰে ।

Published by: Gautam Barman
First published: June 5, 2021, 7:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি