உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • ১১ বছৰৰ মৰম, ৭ দিন ধৰি কবৰৰ ওপৰতে শুই মালিকৰ বাবে অপেক্ষা প্ৰভুভক্ত কুকুৰৰ

    ১১ বছৰৰ মৰম, ৭ দিন ধৰি কবৰৰ ওপৰতে শুই মালিকৰ বাবে অপেক্ষা প্ৰভুভক্ত কুকুৰৰ

    জাৰ্মান শ্বেফাৰ্ড (German shepherd) প্ৰজাতিৰ কুকুৰ ফেৰ’ৱে বিগত ১ সপ্তাহ ধৰি নিজৰ মালিকৰ কবৰৰ কাষতে অপেক্ষা কৰি আছে। (Credit- Reddit)

    জাৰ্মান শ্বেফাৰ্ড (German shepherd) প্ৰজাতিৰ কুকুৰ ফেৰ’ৱে বিগত ১ সপ্তাহ ধৰি নিজৰ মালিকৰ কবৰৰ কাষতে অপেক্ষা কৰি আছে। (Credit- Reddit)

    জাৰ্মান শ্বেফাৰ্ড (German shepherd) প্ৰজাতিৰ কুকুৰ ফেৰ’ৱে বিগত ১ সপ্তাহ ধৰি নিজৰ মালিকৰ কবৰৰ কাষতে অপেক্ষা কৰি আছে। সি হয়তো বিশ্বাস কৰিব পৰা নাই যে তাৰ মালিকৰ মৃত্যু হৈছে আৰু কেতিয়াও উভতি নাহে।

    • Share this:
    কুকুৰ হেনো প্ৰভুভক্ত। নিজৰ মালিকৰ বাবে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰিব পাৰে পোহনীয়া কুকুৰে। নিজৰ মালিকৰ মৰমৰ প্ৰতি অতি কৃতজ্ঞ পোহনীয়া কুকুৰ। বৰ্তমান তেনে এটা কুকুৰক লৈ চৰ্চা হৈছে ইণ্টাৰনেট জগতত। এই কুকুৰটোৰ নাম ফেৰ’। এই কুকুৰটোৱে নিজৰ মালিকৰ সৈতে ১১ বছৰৰ পৰা আছিল। মালিকৰ মৃত্যু হোৱাত কুকুৰটোৱে তেওঁৰ কবৰৰ কাষৰ পৰা আঁতৰি যোৱা নাছিল।

    জাৰ্মান শ্বেফাৰ্ড (German shepherd) প্ৰজাতিৰ কুকুৰ ফেৰ’ৱে বিগত ১ সপ্তাহ ধৰি নিজৰ মালিকৰ কবৰৰ কাষতে অপেক্ষা কৰি আছে। সি হয়তো বিশ্বাস কৰিব পৰা নাই যে তাৰ মালিকৰ মৃত্যু হৈছে আৰু কেতিয়াও উভতি নাহে। ফেৰ’ৰ মালিক ওমৰ গুৱেনে তাক ১১ বছৰ ধৰি পালন কৰিছিল।

    কুকুৰটোৰ মালিক ওমৰ তুৰ্কীৰ ট্ৰাবজন প্ৰান্তত বাস কৰিছিল। তেওঁ নিজৰ পত্নীৰ মৃত্যুৰ পিছত ১১ বছৰ পূৰ্বে ফেৰ’ক নিজৰ লগত ৰাখিছিল। Olay53 নিউজ ছাইটৰ মতে, তেওঁ কুকুৰ আৰু মেকুৰী খুব ভাল পাইছিল। জন্তুৰ প্ৰতি থকা মৰমৰ বাবে তেওঁ সমাজত সন্মানিতও হৈছিল। তেওঁ যেতিয়া ফেৰ’ক ঘৰলৈ আনিছিল তেতিয়া সি সৰু আছিল। সময়ৰ লগে লগে দুয়োৰে মৰমবোৰ বাঢ়ি আহিছিল, ফেৰ’ ডাঙৰ হৈছিল।

    ২৯ অক্টোবৰত ৯২ বছৰ বয়সীয়া ওমৰ অসুস্থ হয়। তাৰ পিছত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু হয়। পোহনীয়া কুকুৰ ফেৰ’ৱে ওমৰৰ কফিনলৈ একেথৰে চাই আছিল। কবৰস্থানত মৃতদেহ কবৰ দিয়াৰ পিছতো মালিকৰ লগ নেৰিলে কুকুৰটোৱে। সমাধিস্থ কৰাৰ পিছত মানুহবোৰ গুচি আহিছিল, কিন্তু কুকুৰটোৱে কবৰৰ কাষতে শুই মালিকৰ বাবে অপেক্ষা কৰিছিল। ওমৰৰ ঘৰৰ মানুহে কোৱা অনুসৰি, তেওঁ ফেৰ’ক খুব মৰম কৰিছিল। সেয়ে হয়তো ফেৰ’ই তেওঁ আঁতৰি যোৱাৰ দুখ সহ্য কৰিব পৰা নাই।
    Published by:Sanjay Kumar Das
    First published: