হঠাত্‍ পঞ্চম মহলাৰ পৰা পৰি গ’ল এটি কণমানি, কিদৰে ৰক্ষা পৰিল শিশুটিৰ জীৱন? চাওক শিহৰণকাৰী ভিডিঅ’

News18 Assam | News18-Assam
Updated:July 18, 2020, 7:19 PM IST
হঠাত্‍ পঞ্চম মহলাৰ পৰা পৰি গ’ল এটি কণমানি, কিদৰে ৰক্ষা পৰিল শিশুটিৰ জীৱন? চাওক শিহৰণকাৰী ভিডিঅ’
সৌভাগ্য ক্ৰমে, চুবুৰীয়া এজন লোকে বচালে কণমানিটিৰ জীৱন।

সৌভাগ্য ক্ৰমে, চুবুৰীয়া এজন লোকে বচালে কণমানিটিৰ জীৱন।

  • Share this:
এক শিহৰণকাৰী দৃশ্য! ঘটনাটো সংঘটিত হৈছে চীন দেশত। চীনৰ হুইআন চহৰৰ জুয়ই কাউণ্টীত এটি কণমানি পঞ্চম মহলাৰ পৰা হঠাত্‍ পৰি এখন খিৰিকীত ওলমি ৰয়। আৰু চুবুৰীয়া এজন লোকৰ বুদ্ধিত কথমপি প্ৰাণ ৰক্ষা পৰে কণমানিটিৰ।

এখন আন্তঃৰাষ্ট্ৰীয় বাতৰি কাকতত প্ৰকাশ পোৱা খবৰ অনুসৰি, ঘৰৰ ভিতৰত দুৱাৰ বন্ধ কৰি খেলি আছিল কণমানিটিয়ে। খেলি থাকোতেই কণমানিটিয়ে এখন টোলত উঠি খিৰিকীৰে বাহিৰৰ ফালে যাবলৈ চেষ্টা কৰে। আৰু দুৰ্ভাগ্য ক্ৰমে, কণমানিটি ঘৰৰ বাহিৰলৈ ওলাই যায় আৰু বাহিৰত থকা এচিৰ ইউনিটত ওলমি ৰয়।



সমগ্ৰ দৃশ্য দেখাৰ পিছত চুবুৰীয়া ‘লী ডেহাই’ নামৰ এজন লোকে নিশ্চিত বিপদৰ উমান পাই ঘৰৰ বাহিৰলৈ হাতত এখন কম্বল লৈ শিশুটিক উদ্ধাৰৰ বাবে আগবাঢ়ি যায়। লগত লৈ যায় আৰু চাৰি জন লোকক।

আৰু যেতিয়া শিশুটি পৰি যায়, লগে লগে লোকজনে কম্বল খন পাতি বাকীকেইজনৰ সহায়ত কেচ ধৰে। আৰু শিশুটিক উদ্ধাৰ কৰি লগে লগে হাস্পতাললৈ লৈ যায়। শিশুটিক উদ্ধাৰ কৰাৰ সময়ত সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় লী ডেহাই।
Published by: Himangshu Bhuyan
First published: July 18, 2020, 7:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading