உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • লিয়নেল মেছিৰ সন্মুখতে তেওঁৰ পত্নীক ‘বেইজ্জত’, Video ত চাওক তাৰকা ফুটবলাৰ গৰাকীয়ে তাৰ পিছত কি কৰিলে?

    লিয়নেল মেছিৰ সন্মুখতে তেওঁৰ পত্নীক ‘বেইজ্জত’, Video ত চাওক তাৰকা ফুটবলাৰ গৰাকীয়ে তাৰ পিছত কি কৰিলে?

    Ballon d’Or 2021 এৱাৰ্ড চেৰিমনী আৰম্ভ হোৱাৰ পূৰ্বে লিয়নেল মেছিৰ (lionel messi) মুড বেয়া হৈ গৈছিল কাৰণে মিডিয়াৰ সন্মুখত ফটোৰ কাৰণে প’জ দিয়াৰ সময়ত তেওঁৰ পত্নী এণ্টনেলাক ফ্ৰান্সপ ফুটবল ডায়ৰেক্টৰ গৰাকীয়ে অপদস্থ কৰিছিল।

    • Share this:
    আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিয়নেল মেছিয়ে (Lionel Messi) অভিলেখ সৃষ্টি কৰি ৭মবাৰলৈ Ballon d’Or 2021ৰ খিতাপ জয় কৰিলে। সকলোতকৈ অধিকবাৰ এই খিতাপ অৰ্জন কৰা তেওঁ একমাত্ৰ খেলুৱৈ। পিচে এৱাৰ্ড চেৰিমনী আৰম্ভ হোৱাৰ পূৰ্বে দিগ্গজ ফুটবলাৰ গৰাকীৰ মগজু গৰম হৈ গৈছিল।  দৰচলতে এৱাৰ্ড চেৰিমনী আৰম্ভ হোৱাৰ পূৰ্বে মিডিয়াৰ সন্মুখত ৰেড কাৰ্পেটত পৰিয়ালসহ ফটোৰ কাৰণে প’জ দি আছিল মেছিয়ে। পত্নী এণ্টনেলা আৰু তিনিওটা সন্তানৰ সৈতে আহিছিল মেছি। তিনি পুত্ৰ সন্তানে মেছিৰ দৰেই ছুট পৰিধান কৰিছিল। এইখিনিতে মেছিৰ সন্মুখতে তেওঁৰ পত্নীক অপমান কৰা হয়। ছচিয়েল মিডিয়াত এটা ভিডিও ভাইৰেল হৈছে য’ত দেখা গৈছে ফ্ৰান্সৰ ফুটবল ডায়ৰেক্টৰে মেছিৰ পত্নী এণ্টনেলাক (Antonel) আঁতৰি দিবলৈ কৈছে।

    ডায়ৰেক্টৰজনে এণ্টনেলাক অলপ আঁতৰি দিবলৈ কয় যাতে মেছি আৰু তিনিটা ল’ৰাৰ একেলগে একে ড্ৰেছত এখন ফটো উঠাব পাৰে। এণ্টনেলাই তেওঁৰ কথা মানি আঁতৰি দিয়েও পিছে মেছি অসন্তুষ্ট হৈ পৰে আৰু পত্নীক নিজৰ কাষলৈ আকৌ মাতি দিয়ে। ইয়াৰ পিছত গোটেই পৰিয়ালটোৱে ফটো উঠে। মেছি আৰু এণ্টনেলা পতি–পত্নী হোৱাৰ আগতে শৈশৱৰ চিনাকী। ৯বছৰ বয়সতে দুয়ো ইজনে সিজনক লগ পাইছিল।
    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    First published: