• Home
  • »
  • News
  • »
  • world
  • »
  • Lionel Messi Left Barcelona : কান্দোনত ভাগি পৰিল মেছি, বাৰ্চিলোনা এৰি PSGলৈ নতুন যাত্ৰা মেছিৰ, ছিজনত ৩০৫ কোটি টকাৰ চুক্তি

Lionel Messi Left Barcelona : কান্দোনত ভাগি পৰিল মেছি, বাৰ্চিলোনা এৰি PSGলৈ নতুন যাত্ৰা মেছিৰ, ছিজনত ৩০৫ কোটি টকাৰ চুক্তি

বাৰ্চিলোনাৰ হৈ ৬৭২টা গোল কৰি ক্লাৱটোৰ হৈ সৰ্বাধিক গোল কৰা খেলুৱৈৰ অভিলেখ ৰচিছে মেছিয়ে। স্পেনীছ লীগতো ৫২০খন মেচত ৭৪টা গোল কৰি অভিলেখ গঢ়ি থৈছে মেছিয়ে।

বাৰ্চিলোনাৰ হৈ ৬৭২টা গোল কৰি ক্লাৱটোৰ হৈ সৰ্বাধিক গোল কৰা খেলুৱৈৰ অভিলেখ ৰচিছে মেছিয়ে। স্পেনীছ লীগতো ৫২০খন মেচত ৭৪টা গোল কৰি অভিলেখ গঢ়ি থৈছে মেছিয়ে।

বাৰ্চিলোনাৰ হৈ ৬৭২টা গোল কৰি ক্লাৱটোৰ হৈ সৰ্বাধিক গোল কৰা খেলুৱৈৰ অভিলেখ ৰচিছে মেছিয়ে। স্পেনীছ লীগতো ৫২০খন মেচত ৭৪টা গোল কৰি অভিলেখ গঢ়ি থৈছে মেছিয়ে।

  • Share this:
বাৰ্চিলোনা (Barcelona) এৰিব বিশ্বৰ তাৰকা ফুটবলাৰ লিওনেল মেছি(Lionel Messi)য়ে। স্পেইন এৰি ফ্ৰান্সলৈ যাব ফুটবল তাৰকা লিওনেল মেছি। মেছিয়ে লাভ কৰিলে নতুন ক্লাব।

খবৰ মতে মেছি স্পেইনৰ পৰা ফ্ৰান্সলৈ যাব। মেছি ফ্ৰান্সৰ ফুটবল ক্লাব পেৰিছ ছেইণ্ট জাৰ্মেইন (PSG)ৰ সৈতে চুক্তিবদ্ধ (Lionel Messi New Club) হৈছে । মিডিয়া ৰিপ'ৰ্টৰ তথ্য অনুসৰি মেছি PSGৰ সৈতে তিনি বছৰৰ বাবে চুক্তিবদ্ধ হৈছে আৰু সেই চুক্তি আৰু এবছৰৰ ম্যাদ বৃদ্ধি হোৱাৰ বিকল্পৰ চৰ্তও ৰখা হৈছে । উল্লেখ্য যে পেৰিছ ছেইণ্ট জাৰ্মেইন ক্লাৱে লিওনেল মেছিক প্ৰতিটো ছিজনত ৩৫ মিলিয়ন ইউৰো অৰ্থাত ৩০৫ কোটি টকা পাৰিশ্ৰমিক দিব।

ফ্ৰান্সৰ মিডিয়া ৰিপ'ৰ্ট আৰু সাংবাদিক ফাৱৰিজিয়ো ৰোমানীয়ে খবৰ দিয়া মতে মেছি আৰু পেৰিছ ছেইণ্ট জাৰ্মেইন ক্লাৱ (PSG Signs Lionel Messi)ৰ মাজত ইতিমধ্যে চুক্তি হৈ গৈছে। তেওঁ টুইট কৰি কয়, 'লিওনেল মেছি পেৰিছ পেৰিছ ছেইণ্ট জাৰ্মেইন ক্লাৱলৈ গৈ আছে আৰু এইটো নিশ্চিত হৈ গৈছে। বৃহস্পতিবাৰৰ পৰাই আলোচনা চলি আছিল আৰু অৱশেষত চুক্তি চুড়ান্ত হৈছে। মেছি ইয়াৰ বাবে সাজু আৰু তেওঁ নতুন যাত্ৰাৰ বাবে সাজু হৈছে।'

ইপিনে বাৰ্চিলোনা এৰিবলৈ লৈ কান্দোনত ভাগি পৰিছে মেছি। তাৰকা ফুটবলাৰ আৰু বাৰ্চিলোনাৰ বহু বিজয়ৰ নায়ক মেছিক দেওবাৰে বিদায় জনায় ক্লাৱটোৱে। এই বিদায় সমাৰোহতে মেছি কান্দোনত ভাগি পৰে। মেছিয়ে কয়, "মই মোৰ আৱেগ নিয়ন্ত্ৰণ কৰিব পৰা নাই।" অনুষ্ঠানৰ আগৰে পৰাই মেছিৰ চকুৰে বৈছিল চকুপানী। মেছিয়ে কয়, "ইমান বছৰ, প্ৰায় গোটেই কেৰিয়ায়ৰটো এই ক্লাৱটোত থাকি এতিয়া এৰি যাবলৈ বহুত কষ্ট পাইছোঁ। মই এই দিনটোৰ বাবে সাজু নাছিলোঁ। মই ভাবিছিলোঁ সকলো ঠিক হ'ব আৰু মই এই ক্লাৱতেই থাকিম, যি মোৰ ঘৰৰ দৰেই। কিন্তু স্পেনীছ লীগৰ নিয়মে সকলো ওলট-পালট কৰি দিলে।"

উল্লেখ্য যে বাৰ্চিলোনাত থাকি ফুটবল জগতৰ সফলতাৰ শীৰ্ষত আৰোহণ কৰিছিল মেছিয়ে। বাৰ্চিলোনাৰ হৈ ৬৭২টা গোল কৰি ক্লাৱটোৰ হৈ সৰ্বাধিক গোল কৰা খেলুৱৈৰ অভিলেখ ৰচিছে মেছিয়ে। মেছিয়ে বাৰ্চিলোনাৰ হৈ ৭৭৮খন মেচ খেলিছিল, যিটো আন এটা অভিলেখ। একে সময়তে স্পেনীছ লীগতো ৫২০খন মেচত ৭৪টা গোল কৰি অভিলেখ গঢ়ি থৈছে মেছিয়ে।
Published by:Manjumoni Borah
First published: