এইগৰাকী সুন্দৰী অভিনেত্ৰীৰ সৈতে ছৌদি আৰৱৰ ৰাজকুমাৰৰ সম্পৰ্ক, উপহাৰ হিচাপে বিন ছলমানে দিলে ক্ৰেডিট কাৰ্ড!

লিণ্ডছে লোহানৰ পিতৃ মাইকেল লোহানে কয় যে তেওঁৰ কন্যা আৰু ছৌদিৰ ৰাজকুমাৰৰ মাজত আছে এক সন্মানজনক সম্পৰ্ক।

News18-Assam
Updated:November 1, 2019, 12:25 PM IST
এইগৰাকী সুন্দৰী অভিনেত্ৰীৰ সৈতে ছৌদি আৰৱৰ ৰাজকুমাৰৰ সম্পৰ্ক, উপহাৰ হিচাপে বিন ছলমানে দিলে ক্ৰেডিট কাৰ্ড!
লিণ্ডছে লোহানৰ পিতৃ মাইকেল লোহানে কয় যে তেওঁৰ কন্যা আৰু ছৌদিৰ ৰাজকুমাৰৰ মাজত আছে এক সন্মানজনক সম্পৰ্ক।
News18-Assam
Updated: November 1, 2019, 12:25 PM IST
ছৌদি আৰবৰ ৰাজকুমাৰ মহম্মদ বিন ছলমানক বিশ্বৰ শক্তিশালী নেতাসকলৰ ভিতৰত এজন বুলি ধৰা হয়। ছচিয়েল মিডিয়াত প্ৰায়ে চৰ্চাত থাকে বিন ছলমান। কিন্তু শেহতীয়াকৈ আন এক কাৰণতহে চৰ্চালৈ আহিছে ছৌদিৰ যুৱৰাজ। আমেৰিকাৰ অভিনেত্ৰী লিণ্ডছে লোহানৰ বাবে চৰ্চালৈ আহিছে ছলমান। মিডিয়া ৰিপ’ৰ্টত দাবী কৰা হৈছে যে ছৌদিৰ ৰাজকুমাৰ আৰু অভিনেত্ৰী লিণ্ডছে লোহানৰ মাজত গঢ়ি উঠিছে সম্পৰ্ক।

ৰিপ’ৰ্ট অনুসৰি, ছৌদিৰ যুৱৰাজে নিজৰ বিমানেৰে সাক্ষাৎ কৰিবলৈ যায় লোহানক। শেহতীয়াকৈ বিন ছলমানে অভিনেত্ৰী লোহানক উপহাৰ স্বৰূপে এখন ক্ৰেডিট কাৰ্ড দিয়া বুলি খবৰ ওলাইছে। অৱশ্যে লিণ্ডছেৰ প্ৰতিনিধিয়ে এই খবৰ ভিত্তিহীন বুলি মন্তব্য কৰিছে।

লিণ্ডছেৰ প্ৰতিনিধিয়ে কয় যে ছৌদিৰ যুৱৰাজে লিণ্ডছেক কোনো ক্ৰেডিট কাৰ্ড দিয়া নাই আৰু তেওঁলোকৰ মাজত তেনে কোনো সম্পৰ্ক নাই। এবছৰ পূৰ্বে ফৰ্মূলা ৱান গ্ৰাঁ প্ৰিক্স ৰেচৰ সময়ত দুয়োৰে সাক্ষাৎ হৈছিল।



ইফালে লিণ্ডছে লোহানৰ পিতৃ মাইকেল লোহানে কয় যে তেওঁৰ কন্যা আৰু ছৌদিৰ ৰাজকুমাৰৰ মাজত আছে এক সন্মানজনক সম্পৰ্ক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি