বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ মুৰব্বী আয়মান আল জাৱাহিৰী (al-Qaeda leader Ayman al-Zawahiri)ৰ মৃত্যুৰ বাতৰিয়ে বিশ্ব জোকাৰি গৈছে। ৩১ জুলাইৰ পুৱাই আমেৰিকাই কাবুলত এক ড্ৰোণ আক্ৰমণেৰে নিধন কৰে দেশখনৰ অন্যতম ৱাণ্টেড সন্ত্ৰাসবাদী জাৱাহিৰিক। এক অতি ছিক্ৰেট অপাৰেচনৰ জৰিয়তে আমেৰিকাই এই কাম সমাধা কৰে। ওছামা বিন লাডেনক হত্যা কৰাৰ দৰেই জাৱাহিৰিকো নিধন কৰে। পিছে জাৱাহিৰিৰ মৃত্যুৰ লগে লগে চৰ্চালৈ আহিছে আমেৰিকাৰ অতি গোপন আৰু মাৰাত্মক অস্ত্ৰ হেলফায়াৰ আৰ নাইন এক্স মিছাইল (HELLFIRE R9X MISSILE)ৰ প্ৰসংগ। এই অতি নিখুত মিছাইল ব্যৱহাৰ কৰিয়েই আল কায়দাৰ শীৰ্ষ নেতা আয়মান আল জাৱাহিৰীক নিৰ্মূল কৰিলে আমেৰিকাই।
চিআইএ আৰু পেন্টাগনে এই গোপন অস্ত্ৰ ব্যৱহাৰ কৰা বুলি খবৰ ওলাইছে যদিও এই মিছাইল আল-জাৱাহিৰীক হত্যা কৰাৰ পূৰ্বে অতি কম সংখ্যক হাই-প্ৰফাইল, মোষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।
কিন্তু আল-মাছৰীৰ মৃত্যুৱেই বিশ্বক দেখুৱাই দিলে যে কেনেকৈ R9X য়ে ওচৰৰ একো ক্ষতি নকৰাকৈ লক্ষ্য কৰা ব্যক্তিজনক হত্যা কৰিব পাৰে। ছিৰিয়াৰ ইদলিব প্ৰদেশত আল কায়দাৰ প্ৰাক্তন উপ-নেতাজনে গাড়ীত যাত্ৰা কৰি থকা কিয়া (KIA) চেডানৰ ছাল ফালি R9Xয়ে হত্যা কৰে। তেওঁক চিআইএই হত্যা কৰিছিল যদিও চিআইএই সংঘটিত কৰা বিমান আক্ৰমণৰ কথা খুব কমেইহে স্বীকাৰ কৰে।
লিবিয়া, ছিৰিয়া, ইৰাক, য়েমেন আৰু ছোমালিয়াত চলোৱা অভিযানত মোষ্ট ৱাণ্টেড লক্ষ্য বা বিচৰা ব্যক্তিৰ গোটক হত্যা কৰিবলৈ আমেৰিকাই ইয়াক আধা ডজনতকৈ অধিকবাৰ ব্যৱহাৰ কৰিছিল।