বৰষুণে ছেমি ফাইনেলত বিধি–পথালি দিলেও ফাইনেললৈ উন্নীত হ’ব টীম ইণ্ডিয়া!
News18-Assam Updated:July 8, 2019, 12:36 PM IST

বতৰে বিধি পথালি দিব নেকি ভাৰত–নিউজীলেণ্ডৰ মাজত হ’বলগীয়া ছেমি ফাইনেলত?
বতৰে বিধি পথালি দিব নেকি ভাৰত–নিউজীলেণ্ডৰ মাজত হ’বলগীয়া ছেমি ফাইনেলত?
- News18 Assam
- Last Updated: July 8, 2019, 12:36 PM IST

ইয়াৰ আগতেও ৰাউণ্ড ৰবীন পৰ্যায়ৰ ভাৰত আৰু নিউজীলেণ্ডৰ মেচত বতৰে দিছিল বিধি পথালি। দেওবাৰৰ পৰা অব্যাহত আছে মনচেষ্টাৰত বৰষুণ। কিন্তু এই মুহূৰ্তত সকলোৱে প্ৰাৰ্থনা কৰিছে কাইলৈ হ’বলগীয়া ছেমি ফাইনেল খন সুকলমে পাৰ হ’বৰ বাবে।

বৰষুণেও ৰুধিব নোৱাৰিব বিশ্বকাপত ভাৰতৰ জয়যাত্ৰাক!
বৰষুণে ছেমি ফাইনেলত মেচত বিধি পথালি দিলেও ফাইনেললৈ উন্নীত হ’ব টিম ইণ্ডিয়া! কাৰণ ভাৰতে ১৫ পইণ্টেৰে তালিকাৰ শীৰ্ষত থকাৰ বিপৰীতে নিউজীলেণ্ডৰ পইণ্ট ১১। ফলস্বৰূপে ৯ জুলাইত মেচত বৰষুণে বিধি পথালি দিলে বা ছেমি ফাইনেললৈ ৰিজাৰ্ভ ৰখা ১০ জুলাই তাৰিখে বৰষুণ দিলেও ভাৰতে পইণ্ট তালিকাত নিউজীলেণ্ডকৈ বেছি পইণ্ট পোৱাৰ কাৰণে খেলিব পাৰিব চলিত বিশ্বকাপৰ ফাইনেল।