আচৰিত! কৰ্মহীন লোকৰ বাবে বিশেষ স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছে জাৰ্মানীৰ এখন বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয়খনে এলেহুৱা আৰু জীৱনৰ কোনো লক্ষ্য-উদ্দেশ্য নোহোৱা লোকৰ বাবে মানৱীয়তাৰ খাতিৰত স্কু’লাৰশ্বীপৰ ব্যৱস্থা কৰিছে!
হামবিংঙৰ ইউনিভাৰ্চিটি অৱ ফাইন আৰ্টচে আৰম্ভ কৰিছে এক ব্যতিক্ৰমী প্ৰজেক্ট। এলেহুৱা আৰু জীৱনৰ কোনো লক্ষ্য উদ্দেশ্য নথকা লোকৰ সংখ্যা নিৰ্ধাৰণৰ ব্যৱস্থা কৰিছে বিশ্ববিদ্যালয়খনে। যাৰ বাবে আগবঢ়োৱা হৈছে এই স্কলাৰশ্বিপ। বিশ্ববিদ্যালয়খনে যোৱা বুধবাৰে সমগ্ৰ জাৰ্মানীৰ বাবে ১,৬০০ ইৰোৰ(ভাৰতৰ মূল্যত ১.৪১ লাখ টকা) স্কলাৰশ্বিপৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। আবেদনকাৰীসকলে অহা ১৫ ছেপ্তেম্বৰৰ ভিতৰত নিজৰ আবেদন জমা কৰিব লাগিব।
এখন আন্তঃৰাষ্ট্ৰীয় সংবাদ পত্ৰত প্ৰকাশিত বাতৰি অনুসৰি, আবেদন পত্ৰখনত বিশেষ কেইটামান প্ৰশ্ন সোধা হৈছে। যেনে- ‘
- আপুনি কিয় একো কাম কৰিব নিবিচাৰে?
- আপুনি কিয় নাভাবে যে, কিবা এটা কাম কৰাটো প্ৰয়োজন?
এই সম্পূৰ্ণ পৰিকল্পনাটো কৰিছে বিশ্ববিদ্যালয় খনৰ অধ্যাপক ফ্ৰাইডৰিচ ভন বৰিচে। তেওঁ কৈছে যে, ‘ইকো-ছচিয়েল’ পৰিৱৰ্তন আনাৰ ক্ষেত্ৰত সুবিধা হ’বলৈ এলেহুৱা লোকসকলক গভীৰ ভাবে অধ্যয়ন কৰাটো অধিক জৰুৰী। আমি যদি এনে এখন সমাজত জীয়াই থাকিব বিচাৰো, য’ত কোনো কৰ্ম উদ্যম নাই,কোনো গৱেষণা নাই, তেন্তে ই মূল্যবোধৰ বাবে সঠিক ব্যৱস্থা নহয়।’
কি বুজাব বিচৰা হৈছে?
ফ্ৰাইডৰিচে কৈছে যে, ‘আমি সক্ৰিয়-নিষ্ক্ৰীয়তাক ফ’কাচ কৰিব বিচাৰিছো। যদি আপুনি ক’ব বিচাৰে যে, এসপ্তাহ পৰ্যন্ত এটুকুৰা ঠাইৰ পৰা আঁতৰিব নিবিচাৰে। তেন্তে ই হ’ব সমগ্ৰ প্ৰজেক্টটোৰ বাবে প্ৰেৰণাদায়ক।’
‘সেইদৰে যদি আপুনি লৰচৰ কৰিব নিবিচাৰে বা কোনো কথা নভবাকৈ থাকিব বিচাৰে, তেন্তে ই হ’ব অতি আকৰ্ষণীয়।’
২০২১ৰ জানুৱাৰীৰ ভিতৰত কিমান সংখ্যক এনে লোক আছে, তাৰ এক স্পষ্ট ধাৰণা নিৰ্ধাৰণ কৰিবলৈ লক্ষ্য বান্ধিছে বিশ্ববিদ্যালয়খনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|