প্ৰিয় ইউনিকৰ্ন পোছাক পিন্ধিয়ে ঢলি পৰিল চিৰনিদ্ৰাত। ৰাছিয়াৰ আক্ৰমণত যি ১৬টি ইউক্ৰেইনৰ শিশুৱে প্ৰাণ হেৰুৱাইছে, তাৰ ভিতৰত এই শিশুটিও আছে। সামাজিক মাধ্যমত এতিয়া তাইৰ পৰিচয় ‘দ্য গাৰ্ল ইন দ্য ইউনিকৰ্ন পায়জামাছ’ (the girl in the Unicorn Pyjamas)। সমাজিক মাধ্যমত কণমানিজনীৰ ফটো দেখি চকু সেমেকাই তুলিছে সকলোৰে।
প্ৰথম ফটোত দেখা গৈছে কান্দোনত ভাঙি পৰা এগৰাকী মহিলাক। তেওঁৰ মূৰত তেজৰ দাগ লগা টুপি। এই মহিলাগৰাকীয়ে সম্ভৱতঃ মৃত শিশুটিৰ মাতৃ। ৰক্তাক্ত এখন হাতেৰে ঢাকি আছে নিজৰ মুখ। আন এখন হাতেৰে কন্যাৰ স্কাৰ্ফ, টুপি আৰু জোতা। পিছফালে দেখা গৈছে এম্বুলেঞ্চৰ ভিতৰত চিকিৎসা কৰ্মীসকলে আপ্ৰাণ চেষ্টা চলাইছে শিশুটিক বচোৱাৰ।
আন এখন ফটোত দেখা গৈছে মৃত্যুশয্যাত শিশুটিৰ কাষত বহি আছে পিতৃ। চিকিৎসা কৰ্মীসকলে শিশুটিক বচোৱাৰ তোলাৰ চেষ্টা চলাইছে। পিতৃ নিজেও ৰক্তাক্ত। তথাপি এখন হাতেৰে ধৰি আছে মৃত্যুপথৰ যাত্ৰী কণমানি কন্যাক। পৰৱৰ্তী সময়ত শিশুটিক ভৰ্তি কৰা হয় হাস্পতালত। ফটোত দেখা গৈছে তেতিয়াও শিশুটিয়ে পিন্ধি আছিল ইউনিকৰ্ন পায়জামা। পিতৃয়ে প্ৰাৰ্থনা কৰিছে সন্তানৰ বাবে।
আটাইতকৈ হৃদয়বিদাৰক দৃশ্যটো হ’ল শিশুটিৰ নিথৰ দেহৰ মূহূৰ্ত। তাত দেখা গৈছে হাস্পতালৰ ৱাৰ্ডৰ ষ্ট্ৰেচাৰত পৰি আছে শিশুটিৰ নিষ্প্ৰাণ দেহ। যিজন চিকিৎসকে শেষ মুহূৰ্তলৈ শিশুটিৰ দেহত অক্সিজেন পাম্প কৰিছিল, তেওঁ ক্ষুব্ধ হৈ সাংবাদিকক কয়, ‘‘এয়া পুটিনক দেখুৱাওক, শিশুটিৰ চকু আৰু চিকিৎসকৰ ক্ৰন্দন দেখুৱাওক।’ ইউক্ৰেইনৰ নিথৰ শিশুটিৰ দেহে ঘূৰাই আনিছে আলান কুৰ্দিৰ স্মৃতি। দেশ এৰি আন দেশত নিৰাপদ আশ্ৰয় ল’বলৈ গৈ তিনি বছৰৰ সেই শিশুটি নিষ্প্ৰাণ হৈ পৰিছিল সাগৰৰ পাৰত, বালিত মুখ গুজি পৰি ৰৈছিল নিথৰ দেহ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 02, 2022, 18:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|