লাডেন, হাফিজ ছইদ পাকিস্তানৰ হিৰ’,পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বিস্ফোৰক Video

News18-Assam
Updated:November 14, 2019, 3:46 PM IST
লাডেন, হাফিজ ছইদ পাকিস্তানৰ হিৰ’,পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বিস্ফোৰক Video
সাক্ষাৎকাৰটোত মুছাৰফে  স্বীকাৰ কৰে যে, জম্মু–কাশ্মীৰত ভাৰতীয় সেনাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পাকিস্তানত মুজাহিদিনৰ সদস্যক দিয়া হৈছিল প্ৰশিক্ষণ

সাক্ষাৎকাৰটোত মুছাৰফে  স্বীকাৰ কৰে যে, জম্মু–কাশ্মীৰত ভাৰতীয় সেনাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পাকিস্তানত মুজাহিদিনৰ সদস্যক দিয়া হৈছিল প্ৰশিক্ষণ

  • Share this:
পাকিস্তান যে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক , সেই কথা আকৌ এবাৰ প্ৰমাণিত হ’ল।  দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা প্ৰাক্তন সেনা প্ৰধান পাৰভেজ মুছাৰফৰ এক বিস্ফোৰক সাক্ষাৎকাৰ ভাইৰেল হৈছে। সাক্ষাৎকাৰটোত মুছাৰফে স্পষ্ট ৰূপত ওচামা বিন লাডেন, জালালুদ্দিন হাক্কানী, হাফিজ ছইদক পাকিস্তানৰ হিৰ’ বুলি মন্তব্য কৰিছে।

সাক্ষাৎকাৰটোত মুছাৰফে লগতে কৈছে যে, জম্মু–কাশ্মীৰত ভাৰতীয় সেনাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পাকিস্তানত মুজাহিদিনৰ সদস্যক দিয়া হৈছিল প্ৰশিক্ষণ। লগতে উল্লেখ কৰে যে, ১৯৭৯ চনত পাকিস্তানৰ ভুমিৰ পৰা ছোভিয়ট সকলক আঁতৰাবলৈ জন্ম দিয়ে এক আঞ্চলিক বিদ্ৰোহী গোটৰ। সমগ্ৰ বিশ্বৰ পৰা মুজাহিদিন অনাৰ লগতে তালিবান সকলক পাকিস্তানত প্ৰশিক্ষণ দিয়াৰ লগতে, তেওঁলোকৰ হাতত মাৰাণস্ত্ৰ তুলি দিয়া হয়। সেই সময়ত লাডেন, হাক্কানী আছিল পাকিস্তানৰ হিৰ’।

সম্পূৰ্ণ সাক্ষাৎকাৰটো


আৰু চাওক পৰৱৰ্তী বাতৰি