আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক চিৰ বিদায় জনালে শ্ৰীলংকাৰ তাৰকা বলাৰ লাচিত মালিংগাই

শ্ৰীলংকান ক্ৰিকেটৰ ইতিহাসত এগৰাকী শ্ৰেষ্ঠ বলাৰ হিচাপে সদায়েই চিহ্নিত হৈ ৰ’ব লাচিত মালিংগা

News18-Assam
Updated:July 7, 2019, 8:15 AM IST
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক চিৰ বিদায় জনালে শ্ৰীলংকাৰ তাৰকা বলাৰ লাচিত মালিংগাই
শ্ৰীলংকান ক্ৰিকেটৰ ইতিহাসত এগৰাকী শ্ৰেষ্ঠ বলাৰ হিচাপে সদায়েই চিহ্নিত হৈ ৰ’ব লাচিত মালিংগা
News18-Assam
Updated: July 7, 2019, 8:15 AM IST
লাচিত মালিংগা! শ্ৰীলংকা ক্ৰিকেট দলৰ এক গুৰুত্বপূৰ্ণ অংগ। শ্ৰীলংকাৰ বহু গুৰুত্বপূৰ্ণ খেলৰ জয়ৰ নায়ক মালিংগা। চলিত বিশ্বকাপত শণিবাৰে ভাৰতৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পিছতে প্ৰতিযোগিতাত নিজৰ অভিযান সামৰি গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় লয় ২০১১ বিশ্বকাপৰৰ ফাইনেলিষ্ট দল শ্ৰীলংকাই। শণিবাৰে হৈ যোৱা মেচ খনৰ পিছতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰক চিৰ বিদায় জনালে দলটোৰ নিৰ্ভৰযোগ্য পেচ বলাৰ লাচিত মালিংগাই।

লাচিত মালিংগাৰ নামত আছে বিশ্বকাপৰ কেইবাটাও ৰেকৰ্ড। বিশ্বকাপৰ ইতিহাসত লাচিত মালিংগা তৃতীয় শ্ৰেষ্ঠ উইকেট টেকাৰ বলাৰ। মালিংগাই বিশ্বকাপত মুঠ ৫৬ টা উইকেট দখল কৰিছে। সেইদৰে বিশ্বকাপৰ চাৰিটা সংস্কৰণত ১০ টাৰ ওপৰত উইকেট দখল কাৰ এক অনন্য অভিলেখৰ গৰাকী লাচিত মালিংগা। সেইদৰে মালিংগাই বিশ্বকাপত তিনিবাৰ হেট ট্ৰিক অৰ্জন কৰিছে। মালিংগাই একমাত্ৰ বলাৰ যি এক অভাৰত ক্ৰমাগত ভাৱে চাৰিটা উইকেট দখল কৰিছিল।

মালিংগাই ২০০৪ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক মেচ খেলিছিল। এতিয়ালৈকে ২২৪ খন এদিনীয়া মেচত ভাগলৈ মুঠ ৩৩৪ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে। সেইদৰে ৭৩ খন আন্তঃৰাষ্ট্ৰীয় টি–২০ মেচত ভাগলৈ মালিংগাই দখল কৰিছে মুঠ ৯৭ টা উইকেট।

উল্লেখযোগ্য যে চলিত বিশ্বকাপতো মালিংগা শ্ৰীলংকাৰ সৰ্বাধিক উইকেট টেকাৰ বলাৰ। মালিংগাই এইবাৰ বিশ্বকাপত মুঠ ১২ টা উইকেট দখল কৰিবলৈ সক্ষম হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি