• Home
  • »
  • News
  • »
  • world
  • »
  • বাইডেন ৰাষ্ট্ৰপতি হোৱাৰ দিশে, আমেৰিকাৰ ৰাষ্ট্রপতিৰ দৰমহা জানিলে আচৰিত হ'ব!

বাইডেন ৰাষ্ট্ৰপতি হোৱাৰ দিশে, আমেৰিকাৰ ৰাষ্ট্রপতিৰ দৰমহা জানিলে আচৰিত হ'ব!

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বছৰেকীয়া দৰমহা ৪০০,০০০ ডলাৰ।

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বছৰেকীয়া দৰমহা ৪০০,০০০ ডলাৰ।

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বছৰেকীয়া দৰমহা ৪০০,০০০ ডলাৰ।

  • Share this:
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টীৰ জ’ বাইডেন জয়ী হোৱাৰ দিশে। বাইডেনে জৰ্জিয়াত ড’নাল্ড ট্ৰাম্পতকৈ যথেষ্ট অগ্ৰগতি লাভ কৰিলে। ১৯৯২ চনৰ পিছত প্ৰথমবাৰৰ বাবে ডেমক্ৰেটিক দলৰ প্ৰাৰ্থীয়ে এনেদৰে বিপুল সমৰ্থন লাভ কৰিছে। উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি এনে এটা পদ, যি বিশ্বৰ যিকোনো এখন দেশৰ ৰাষ্ট্ৰপতিতকৈ অধিক শক্তিশালী। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ওচৰত আছে অপৰিসীম ক্ষমতা। লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে বৃহত্‍ পৰিমাণৰ দৰমহা লাভ কৰে। ইয়াৰ উপৰিও আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে বিভিন্ন ধৰণৰ ভাট্টা লাভ কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বছৰেকীয়া দৰমহা ৪০০,০০০ ডলাৰ। অৰ্থাত্‍ ভাৰতীয় টকা অনুসৰি, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ২.৯ কোটি টকা দৰমহা লাভ কৰে। লাভ কৰে ৰিটায়াৰমেণ্টৰ পিছত পেন্সন।

আমেৰিকাৰ ৰাষ্টপতিয়ে লাভ কৰে হোৱাইট হাউচ। যি অত্যন্ত সুৰক্ষিত। ১৭৯২ চনত প্ৰথমবাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে হোৱাইট হাউচ লাভ কৰিছিল। হোৱাইট হাউচত ১৩২ টা কোঠা আছে। আছে টেনিচ কোৰ্ট আৰু ছুইমিং পুল। ৫১ চিটৰ এখন মিনি থিয়েটাৰো আছে।

ইয়াৰ উপৰিও আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে পাৰ্চনেল লোন, হেলিকপ্টাৰৰ সুবিধা লাভ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ৫০,০০০ ডলাৰ অৰ্থাত্‍ ৪০ লাখ টকা বছৰেকীয়া ভাট্টা পৃথককৈ লাভ কৰে। যাত্ৰা কৰাৰ বাবেও ৮০ লাখ টকা লাভ কৰে। প্ৰায় ১৪ লাখ টকা বছৰেকীয়া এণ্টাৰটেইনমেণ্ট ভাট্টা লাভ কৰে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি