দীৰ্ঘায়ু লাভ কৰিব বিছাৰে নেকি? তেন্তে জাপানৰ লোকসকলৰ পৰা শিকক এইসমূহ নিয়ম

News18 Assam | News18-Assam
Updated:December 28, 2020, 1:35 PM IST
দীৰ্ঘায়ু লাভ কৰিব বিছাৰে নেকি? তেন্তে জাপানৰ লোকসকলৰ পৰা শিকক এইসমূহ নিয়ম
জাপানৰ বাসিন্দাসকল পৃথিৱীৰ আন বহু দেশৰ বাসিন্দাতকৈ অধিক সক্ৰিয়। তেওঁলোকে খোজ কঢ়াত অধিক গুৰুত্ব দিয়ে।

জাপানৰ বাসিন্দাসকল পৃথিৱীৰ আন বহু দেশৰ বাসিন্দাতকৈ অধিক সক্ৰিয়। তেওঁলোকে খোজ কঢ়াত অধিক গুৰুত্ব দিয়ে।

  • Share this:
জাপানৰ লোকসকলৰ জীৱনকাল আনৰ তুলনাত বহু পৰিমাণে দীঘলীয়া। জাপানৰ ২০ লাখতকৈ অধিক লোকৰ বয়স ৯০ বছৰৰ বেছি। ইয়াৰে প্ৰায় ৬৯,৭৮৫ গৰাকী লোকৰ বয়সে এশ বছৰ অতিক্ৰম কৰিছে। জাপানৰ লোকসকলৰ গড় আয়ুস হ’ল ৮৭.২ বছৰ। ইয়াত পুৰুষৰ গড় আয়ুস ৮১.১ বছৰ আৰু মহিলাৰ গড় আয়ুস হৈছে ৮৭.১ বছৰ। জাপানৰ লোকসকলৰ জীৱনকাল ইমান দীঘলীয়া হোৱাৰ আঁৰৰ ৰহস্য কি? এই প্ৰশ্নই বহুতৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে আৰু ইয়াৰ উত্তৰে সমগ্ৰ বিশ্ববাসীলৈ আগবঢ়াইছে জীৱনকাল বৃদ্ধিৰ আঁৰৰ বহু উপায়। জাপানীসকলে বংশগতভাৱে এনে দীঘলীয়া জীৱনকাল লাভ কৰা নাই। ইয়াৰ অন্তৰালৰ কাৰণ হৈছে তেওঁলোকৰ খাদ্যাভাস আৰু জীৱনশৈলী। যি আন বহুতৰে বাবে অনুকৰণীয় হ’ব পাৰে।

জাপানৰ লোকসকলে তেওঁলোকৰ খাদ্যত বহু পৰিমাণে সেউজীয়া শাক–পাচলি, বতৰৰ ফল–মূল গ্ৰহণ কৰাৰ বিপৰীতে প্ৰছেছড ফুড গ্ৰহণ কৰাৰ পৰা বিৰত থাকে। ইয়াৰ ফলত জাপানৰ লোকসকল মেদবহুল নহয়। জাপানত মেদবহুলতাৰ হাৰ মাত্ৰ ৩.৬ শতাংশ, যি পৃথিৱীৰ ভিতৰতে সকলোতকৈ কম।

জাপানীসকলে সাগৰীয় খাদ্য খাই ভাল পায় আৰু মাংসতকৈ অধিক মাছ খায়। জাপান হৈছে পৃথিৱীৰ সৰ্বাধিক মাছ ভক্ষণ কৰা ছখন দেশৰ ভিতৰত এখন। মাছ এবিধ অতি পুষ্টিকৰ খাদ্য আৰু ইয়াত মাংসৰ তুলনাত কলেষ্টৰেল আৰু ছেছুৰেটেড ফেট প্ৰাকৃতিকভাৱে কমকৈ থাকে। ইয়াৰ ফলত জাপানৰ লোকসকলৰ হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰায় ৩৬% কমি যায়।

জাপানৰ লোকসকলৰ আয়ুস বৃদ্ধি হোৱাৰ আন এক গুৰুত্বপূৰ্ণ কাৰণ হৈছে চাহ খোৱাটো। কফিৰ তুলনাত চাহত বহু পৰিমাণে এন্টিঅক্সিডেণ্ট থাকে। ই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে কেন্সাৰৰ পৰা ৰক্ষা কৰে আৰু কলেষ্টৰেল হ্ৰাস কৰে। জাপানৰ লোকসকলে বহুলভাৱে গ্ৰহণ কৰা আন দুবিধ খাদ্য হ’ল চয়াবিন আৰু ছীউইড। জাপানত প্ৰতিবছৰে প্ৰায় এক লাখ টন ছীউইড খোৱা হয়। ছীউইডত বহু পৰিমাণে প্ৰটিন থাকে আৰু আয়ডিন থাকে।

ইয়াৰ লগতে জাপানৰ স্বাস্থ্যসেৱা পৃথিৱীৰ ভিতৰতে লেখত ল’বলগীয়া। ৰোগীসকলৰ চিকিৎসা ব্যয়ৰ ৭০% চৰকাৰে বহন কৰে আৰু দৰিদ্ৰ লোকসকলৰ বাবে চৰকাৰে ৯০% চিকিৎসা ব্যয় বহন কৰে।

জাপানীসকলৰ দীঘলীয়া জীৱনকালৰ আন এক কাৰণ হৈছে তেওলোকে কঠোৰ ভাৱে সুষম আহাৰ গ্ৰহণ কৰে। জাপানৰ লোকসকল Food Portion Controlৰ প্ৰতি অতিকৈ সচেতন। এইক্ষেত্ৰত জাপান পৃথিৱীৰ আন বহু দেশতকৈ আগবঢ়া। ইয়াৰ ফলত মানুহৰ শৰীৰত খাদ্য হজম হোৱা আৰু মেদবহুলতাৰ সমতা নিয়ন্ত্ৰিত হৈ থাকে।

জাপানৰ বাসিন্দাসকল পৃথিৱীৰ আন বহু দেশৰ বাসিন্দাতকৈ অধিক সক্ৰিয়। তেওঁলোকে খোজ কঢ়াত অধিক গুৰুত্ব দিয়ে। বয়সীয়াল লোকসকলেও বিভিন্ন শাৰীৰিক কাম–কাজত নিজকে ব্যস্ত ৰাখে। প্ৰায় ৮৫% জাপানী লোকে দিনটোৰ শেষত গৰম পানীৰে গা ধোৱে। গৰম পানীৰে গা ধুলে শৰীৰৰ অলাগতিয়াল বস্তুসমূহ ঘামৰ জৰিয়তে বাহিৰ হৈ যায়। গৰম পানীয়ে মানসিক অৱসাদো দূৰ কৰে। ইয়াৰ ফলত ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে‌।

আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল যে জাপানত বয়োজ্যেষ্ঠ লোকসকলক জীৱন্ত সম্পদৰূপে গণ্য কৰা হয়। জাপানত বয়সীয়াল লোকসকলক সকলোৱে সন্মান প্ৰদৰ্শন কৰে আৰু তেওঁলোকে কৰিবলৈ বিচৰা কাম–কাজসমূহত সকলোৱে সহায় কৰে। ইয়াৰ আঁৰৰ উদ্দেশ্য হ’ল এইসকল লোকে যাতে সুন্দৰকৈ জীৱনটো উপভোগ কৰিব পাৰে। ইয়াৰ ফলত জাপানত এইসকল বয়োজ্যেষ্ঠ লোকৰ আয়ুস আপোনা–আপুনি বৃদ্ধি পায়।
Published by: Sanjay Kumar Das
First published: December 28, 2020, 1:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading