প্ৰায় এবছৰ পিছত দেখা গ’ল কিম জং উনৰ পত্নী ৰি চল জুক, এটা বছৰে ক’ত আছিল জানি আচৰিত হ’ব!

কিম জং উনৰ পত্নী ৰি চল জুক বিগত বৰ্ষৰ লুনাৰ নৱবৰ্ষ উদযাপন অনুষ্ঠানত শেষবাৰৰ বাবে দেখা গৈছিল।
কিম জং উনৰ পত্নী ৰি চল জুক বিগত বৰ্ষৰ লুনাৰ নৱবৰ্ষ উদযাপন অনুষ্ঠানত শেষবাৰৰ বাবে দেখা গৈছিল।
- News18 Assam
- Last Updated: February 18, 2021, 12:31 PM IST
কিম জং উনৰ পত্নী ৰি চল জুক বিগত বৰ্ষৰ লুনাৰ নৱবৰ্ষ উদযাপন অনুষ্ঠানত শেষবাৰৰ বাবে দেখা গৈছিল। ইয়াৰ পিছৰে পৰা অন্তৰ্ধান হৈ থকা নেতাগৰাকীৰ পত্নীৰ বিষয়ে বহুতো জল্পনা-কল্পনাৰ লগতে ষড়যন্ত্ৰমূলক উৰাবাতৰি বিয়পি পৰিছিল। দীঘলীয়া সময় ধৰি তেওঁৰ অনুপস্থিতিৰ বিষয়ে স্বাস্থ্য, কোৰোনা ভাইৰাছ সংক্ৰমণৰ ভয় নাইবা তেওঁ সন্তানসম্ভৱা বুলি বহুতো প্ৰশ্ন উত্থাপিত হৈছিল। উল্লেখযোগ্য যে উত্তৰ কোৰিয়াৰ বহুতো বিষয়াৰ মতে, সমগ্ৰ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ভয়ত তেওঁ আতঁৰি আছিল। অৱশ্যে, এই বিষয়ে কাৰো ওচৰত সঠিক তথ্য নাই।
কোৰিয়া ইনষ্টিটিউট ফৰ নেশ্যনেল ইউনিফিকেচনৰ এগৰাকী বিষয়াৰ মতে, কোৰোণা ভাইৰাছ মহামাৰীৰ বাবে তেওঁ অন্তৰ্ধান হৈ আছিল। সৰু শিশুৰ সৈতে মাতৃ হিচাপে, ৰাজহুৱা কাৰ্যকলাপত অংশগ্ৰহণে সাম্ভাৱ্য সংক্ৰমণৰ আশংকা কৰে। আনকি কিম জং উনেও বিগত বছৰত বহু কম সংখ্যক অন-ছাইটলৈ গৈছিল।
জনপ্ৰিয় তাৰকা গায়িকা ৰি চল জুৱে ২০০৯ চনত কিম জং উনৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। ৰিক ২০১২ চনত ৰাজহুৱাভাৱে দেখা গৈছিল। হাই প্ৰফাইল মহিলাগৰাকী কিম জং উনৰ ভগ্নী আৰু ঘনিষ্ঠ পৰামৰ্শদাতা কিম য়’ জুঙৰ সৈতে আছুতীয়াকৈ আছিল বুলি জানিব পৰা গৈছিল।