সুস্থ হৈ আছে কিম জং উন! মৃত্যুৰ বাতৰি নস্যাৎ কৰি আহিল জনচক্ষুৰ আগলৈ, চৰকাৰী সংবাদসংস্থাৰ দাবী

News18 Assam | News18-Assam
Updated:May 2, 2020, 1:31 PM IST
সুস্থ হৈ আছে কিম জং উন! মৃত্যুৰ বাতৰি নস্যাৎ কৰি আহিল জনচক্ষুৰ আগলৈ, চৰকাৰী সংবাদসংস্থাৰ দাবী
বিগত বহুদিন ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদমাধ্যমত দাবী উত্থাপন হৈছে যে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সফল নোহোৱাৰ কাৰণে অতি সংকটজনক অৱস্থাত আছে কিম জং উন। 

বিগত বহুদিন ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদমাধ্যমত দাবী উত্থাপন হৈছে যে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সফল নোহোৱাৰ কাৰণে অতি সংকটজনক অৱস্থাত আছে কিম জং উন। 

  • Share this:
সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই পুনৰ জনচক্ষুৰ আগলৈ আহিল উত্তৰ কোৰিয়াৰ শাসক কিম জং উন! উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থাৰ বাতৰি মতে কিম জং উনৰ এয়া বৰ্তমানৰ ভিডিও। প্ৰায় বিশ দিনৰ পিছত প্ৰথমবাৰ সাধাৰণ মানুহৰ সৈতে কিমক কথা পতা দেখা গৈছে।

কোৰিয়াৰ চেন্ট্ৰেল নিউজ এজেন্সীৰ খবৰ মতে, ৰাজধানী পিয়ঙৰ সমীপত এক নতুন সাৰৰ কাৰখানাত উপস্থিত হয় কিম জং উন। সেই সময়ত কিমৰ সৈতে আছিল তেওঁৰ ভগ্নী ইয়’ জঙো। এই দৃশ্যৰে জনসমাগৰ কাষলৈ কিম অহাৰ কথা প্ৰকাশ উত্তৰ কোৰিয়াৰ সংবাদসংস্থাই পোণপটীয়া সম্প্ৰচাৰ কৰে। সংবাদসংস্থাৰ দাবী কিমৰ এই উপস্থিতিয়ে তেওঁৰ স্বাস্থ্য সংক্ৰান্তীয় সকলো কৌতুহলৰ অৱসান ঘটাইছে। উদ্বোধনৰ পিছত গোটেই কাৰখানাত কিম ঘুৰি ফুৰা দেখা গ’ল। কথা পাতিলে বিভিন্নজনৰ সৈতে।

উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমে দাবী কৰি আহিছিল যে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সফল নোহোৱাৰ কাৰণে অত্যন্ত সংকটজনক অৱস্থাত আছে কিম জং উন। কেৱল সেয়াই নহয় তেওঁক ব্ৰেইন ডেড বুলিও দাবী কৰিছিল সংবাদমাধ্যমে। আনকি চীনৰ পৰা চিকিৎসকৰ এটা দল উত্তৰ কোৰিয়াত উপস্থিত হৈছিল। তেতিয়াও উত্তৰ কোৰিয়াই কিমৰ শাৰীৰিক অৱস্থাৰ বিষয়ে একোকে জনোৱা নাছিল।

উত্তৰ কোৰিয়াৰ সংবাদমাধ্যমৰ সম্প্ৰচাৰত কিম।


উত্তৰ কোৰিয়াৰ তৰফৰ পৰা একো নক’লেও চুবুৰীয়া দেশ দক্ষিণ কোৰিয়াই দাবী কৰিছিল কিমৰ একো হোৱা নাই। দেশখনৰ এজন মন্ত্ৰীয়ে দাবী কৰিছিল সম্ভৱতঃ কোৰোণাৰ সংক্ৰমণৰ আশংকাত তেওঁ আত্মগোপন কৰি আছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading