‘ISISৰ টাৰ্গেটত ভাৰত! খুৰাছান গ্ৰুপে কৰিছিল আত্মঘাতী আক্ৰমণৰ চেষ্টা’

আমেৰিকাই দাবী কৰিছে যে ইছলামিক ষ্টেটৰ খুৰাছান গ্ৰুপে বিগত বৰ্ষত ভাৰতত আত্মঘাতী আক্ৰমণৰ চেষ্টা চলাইছিল।

News18-Assam
Updated:November 6, 2019, 1:01 PM IST
‘ISISৰ টাৰ্গেটত ভাৰত! খুৰাছান গ্ৰুপে কৰিছিল আত্মঘাতী আক্ৰমণৰ চেষ্টা’
সাংকেতিক ফটো
News18-Assam
Updated: November 6, 2019, 1:01 PM IST
ইছলামিক ষ্টেটৰ মুৰব্বী আবু বক্কৰ অল বাগদাদীক আমেৰিকাই হত্যা কৰিলেও এতিয়াও কমা নাই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনটোৰ ত্ৰাস। চিন্তাৰ কথাটো হৈছে ইছলামিক ষ্টেটৰ লক্ষ্যত আছে ভাৰত। আমেৰিকাই দাবী কৰিছে যে ইছলামিক ষ্টেটৰ খুৰাছান গ্ৰুপে বিগত বৰ্ষত ভাৰতত আত্মঘাতী আক্ৰমণৰ চেষ্টা চলাইছিল।

আমেৰিকাৰ ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদবিৰোধী চেণ্টাৰৰ কাৰ্যবাহী পৰিচালক ৰাছেল ট্ৰেৱৰ্ছৰ মতে ISISৰ খুৰাছান গ্ৰুপ অৰ্থাৎ ISIS-Kই বিগত বৰ্ষত ভাৰতত আত্মঘাতী আক্ৰমণৰ চেষ্টা চলাইছিল। বিগত সপ্তাহত ট্ৰেৱৰ্ছে কয় যে বিশ্বজুৰি বৰ্তমান ISৰ ২০টা শাখাই কাম কৰি আছে। দুবছৰ পূৰ্বে নিউয়ৰ্কতো আক্ৰমণৰ পৰিকল্পনা কৰিছিল। কিন্তু FBI–এ এই চেষ্টা ব্যৰ্থ কৰিছিল। ইয়াৰ উপৰি এই গ্ৰুপটোৱে ২০১৭ চনত ছুইডেনৰ ষ্টকহ’মতো আক্ৰমণৰ চেষ্টা চলাইছিল, য’৸ত ৫জন লোকৰ মৃত্যু হৈছিল।

 
আৰু চাওক পৰৱৰ্তী বাতৰি