• Home
  • »
  • News
  • »
  • world
  • »
  • Heart Breaking Photo : হৃদয়বিদাৰক ছবি ! একেলগে ৬টা মৃত জিৰাফৰ ফটো, বিশ্বজুৰি খলকনি তুলিছে এইখন ফটোৱে

Heart Breaking Photo : হৃদয়বিদাৰক ছবি ! একেলগে ৬টা মৃত জিৰাফৰ ফটো, বিশ্বজুৰি খলকনি তুলিছে এইখন ফটোৱে

হৃদয়বিদাৰক ছবি!  কেনিয়াত খৰাঙৰ বাবে জিৰাফৰ মৃত্যু

হৃদয়বিদাৰক ছবি! কেনিয়াত খৰাঙৰ বাবে জিৰাফৰ মৃত্যু

Heart Breaking Photo : কেনিয়াৰ খৰাং পৰিস্থিতিৰ বিগত কেইদিনমানত অধিক অৱনতি ঘটিছে যাৰ ফলত বৃহৎ সংখ্যক জন্তুৰ মৃত্যু হৈছে। এক প্ৰতিবেদন অনুসৰি খৰাঙৰ ফলত কৃষকৰ ৭০ শতাংশ পশুধনৰ মৃত্যু হৈছে।

  • Share this:
কেনিয়াৰ পৰা হৃদয়বিদাৰক ছবি (Heart Breaking Photo) কিছুমান পোহৰলৈ আহিছে যিয়ে আপোনাৰ চকু সেমেকাই তুলিব। এইখন ছবি ছচিয়েল মিডিয়াত ভাইৰেল (Viral Photo) হৈ আছে যিখনে সকলোকে হতবাক কৰি তুলিছে। ছবিখনত ছয়টা জিৰাফ মাটিত মৃত (Six Giraffes Died) অৱস্থাত পৰি থকা দেখা গৈছে। এই ছবিখনে যি কোনো মানুহৰ হৃদয় বিগলিত কৰি তুলিব। এই ছবিখন কেনিয়া (Kenya)ৰ ৱাজিৰৰ চাবুলি বন্যপ্ৰাণী সংৰক্ষণ এলেকাৰ।

খাদ্য আৰু পানীৰ অভাৱৰ বাবেই এই জিৰাফবোৰৰ মৃত্যু হৈছে বুলি কোৱা হৈছে। খৰাঙে (Drought in Kenya) ইয়াত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে যাৰ ফলত বন্য জন্তু সকলোতকৈ অধিক প্ৰভাৱিত হৈছে। মৃত্যুৰ  পিছত ছবিখন তোলা হৈছিল। দৰাচলতে, এই সকলো বোৰ জিৰাফে পানী খাবলৈ এটা জলাশয়লৈ গৈছিল য'ত আটাইকেইটা জিৰাফ বোকাত আৱদ্ধ হৈ পৰে যাৰ ফলত ছয়োটা জিৰাফৰ মৃত্যু হয়। জিৰাফবোৰৰ মৃত্যুৰ পিছত, তেওঁলোকক জলাশয়ৰ পৰা উলিয়াই অনা হৈছিল যাতে পানী দূষিত কৰিব নোৱাৰে। এই সময়তে এই ফটোখন তোলা হৈছিল। ১০ ডিচেম্বৰত এই ছয়টা মৃত জিৰাফৰ ছবি তোলা হৈছিল।

কেনিয়াত খৰাঙে বন্য জন্তুলৈ দুৰ্যোগ মাতিছে


কেনিয়াৰ খৰাং পৰিস্থিতিৰ বিগত কেইদিনমানত অধিক অৱনতি ঘটিছে যাৰ ফলত বৃহৎ সংখ্যক জন্তুৰ মৃত্যু হৈছে। এক প্ৰতিবেদন অনুসৰি খৰাঙৰ ফলত কৃষকৰ ৭০ শতাংশ পশুধনৰ মৃত্যু হৈছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেনিয়া চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।  তেওঁ মৃত্যুহোৱা ঠাইখন চাবুলি বন্যপ্ৰাণী সংৰক্ষণৰ অধীনত আইৰিব গাঁৱৰ উপকণ্ঠত অৱস্থিত।

কেনিয়াত ৩০ শতাংশতকৈ কম বৰষুণ হয়

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি উত্তৰ কেনিয়াত ছেপ্টেম্বৰৰ পৰা স্বাভাৱিকতকৈ ৩০ শতাংশ কম বৰষুণ (Less Rainin Kenya) হৈছে, যাৰ ফলত অঞ্চলটোত তীব্ৰ খৰাং হৈছে। বৰষুণৰ অভাৱৰ ফলত খাদ্য আৰু পানীৰ অভাৱ বৃদ্ধি পাইছে। এইটোৱেই বন্য জন্তুৰ লগতে কৃষক আৰু তেওঁলোকৰ জন্তুৰ জীৱন বিপদাপন্ন কৰি তুলিছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি