• Home
  • »
  • News
  • »
  • world
  • »
  • Queen Elizabeth II Dies: ৰাজকুমাৰ উইলিয়ামৰ পত্নী কেট মিডলটন উপস্থিত নহ'লে ৰাণী এলিজাবেথৰ অন্তিম শয়নত, কিয় জানেনে

Queen Elizabeth II Dies: ৰাজকুমাৰ উইলিয়ামৰ পত্নী কেট মিডলটন উপস্থিত নহ'লে ৰাণী এলিজাবেথৰ অন্তিম শয়নত, কিয় জানেনে

Kate Middleton: লেডী ডায়েনাৰ পিছত ব্ৰিটিছসকলে পুনৰ কেটৰ ৰূপত ৱেলছৰ ৰাজকুমাৰীক বিচাৰি পাব।

Kate Middleton: লেডী ডায়েনাৰ পিছত ব্ৰিটিছসকলে পুনৰ কেটৰ ৰূপত ৱেলছৰ ৰাজকুমাৰীক বিচাৰি পাব।

Kate Middleton: লেডী ডায়েনাৰ পিছত ব্ৰিটিছসকলে পুনৰ কেটৰ ৰূপত ৱেলছৰ ৰাজকুমাৰীক বিচাৰি পাব।

  • Share this:
ৰাণী দ্বিতীয় এলিজাবেথৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ খবৰ পাই স্কটলেণ্ডৰ বালম’ৰেল পেলেচত এজন এজনকৈ উপস্থিত হৈছিল পৰিয়ালৰ সকলো সদস্য। কিন্তু প্ৰিন্স উইলিয়ামৰ পত্নী কেট মিডলটনৰাণীৰ শেষ  শয়নত উপস্থিত থাকিব নোৱাৰিলে। ৭০ বছৰ ৰাজত্ব কৰি বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰা ৯৬ বছৰীয়া সম্ৰাজ্ঞীগৰাকীকৰ কাষলৈ ৰাজকুমাৰ উইলিয়াম, চাৰ্লছ আৰু কেমিলাই বিমানেৰে স্কটলেণ্ডলৈ যায়। ৰাণীৰ আন সন্তান আৰু তেওঁলোকৰ পৰিয়ালবোৰো গৈছিল কিন্তু কেম্ব্ৰিজৰ ডাচেছ কেট মিডলটন এডিলেইড কটেজত থাকিল তেওঁৰ নিজৰ সন্তানক উইণ্ডচৰ কেছলৰ পৰা তেওঁলোকৰ স্কুললৈ লৈ যোৱা দেখা গৈছে ।

কেনচিংটন পেলেচৰ পৰা প্ৰকাশিত এক বিবৃতিত কোৱা হৈছে যে কেম্ব্ৰিজৰ ডাচেছ উইণ্ডচৰত থাকিল কাৰণ প্ৰিন্স জৰ্জ, প্ৰিন্সেছ চাৰ্লট আৰু প্ৰিন্স লুইছে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ নতুন বিদ্যালয়লৈ যোৱাৰ দিন আছিল। ৮ ছেপ্টেম্বৰ বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে লেমব্ৰুক স্কুলত পঢ়িবলৈ গৈছিল তিনিজন ৰয়েল প্ৰিন্স জৰ্জ, প্ৰিন্স চাৰ্লট আৰু প্ৰিন্স লুইছে। আগদিনা উইলিয়াম আৰু কেট সন্তানৰ সৈতে স্কুললৈ গৈছিল সেইদিনা আছিল ‘ছেটলিং-ইন-ডে’। প্ৰধান শিক্ষক জনাথন পেৰীৰ সৈতে তেওঁলোকৰ এখন হাঁহিমুখীয়া ছবিও প্ৰকাশ পাইছে।

যোৱা শনিবাৰে উইণ্ডচৰ দুৰ্গৰ চাৰিটা বেডৰুমৰ এডিলেইড কটেজত উপস্থিত হয় উইলিয়াম আৰু কেট। কাৰণ ইয়াৰ পৰা তেওঁলোকৰ সন্তানৰ নতুন স্কুলখন বহুত ওচৰত দূৰত্ব মাত্ৰ ২০ মিনিট। এইবাৰেই প্ৰথম তিনিওজন ভাই-ভনী একেলগে একেখন বিদ্যালয়লৈ যাব।

ৰাণীৰ অৱস্থাক লৈ চিকিৎসকে উদ্বেগ প্ৰকাশ কৰাৰ সময়তে বৃহস্পতিবাৰে এজন এজনকৈ ৰজাঘৰীয়া পৰিয়ালৰ সদস্যসকল বালমোৰাল পেলেচত উপস্থিত হয়। ৰাজকুমাৰ হেৰীয়ে পত্নী মেঘানক এৰি আইতাকৰ বিচনাৰ কাষত থাকিবলৈ অকলে গৈছিল। লণ্ডনত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত ড্যুক আৰু ডাচেছ অৱ ছাচেক্সে অংশগ্ৰহণ কৰিবলগীয়া আছিল সেই পৰিকল্পনা বাতিল কৰিছিল।

ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছত এইবাৰ ব্ৰিটিছ ৰাজপাটত বহিছে তৃতীয় চাৰ্লছ।  উইলিয়াম আৰু কেটে লাভ কৰিব ক্ৰমে প্ৰিন্স অৱ ৱেলছ আৰু প্ৰিন্সেছ অৱ ৱেলছৰ উপাধি। ৰাণীৰ মৃত্যুলৈকে তেওঁলোক কেম্ব্ৰিজৰ ড্যুক আৰু ডাচেছ আছিল। ইমান দিনে ৱেলছৰ ৰাজকুমাৰ আছিল এলিজাবেথৰ পুত্ৰ চাৰ্লছ। কিন্তু লেডী ডায়েনাৰ প্ৰতি সন্মান জনাই তেওঁৰ দ্বিতীয় পত্নী কেমিলাই ‘প্ৰিন্সেছ অৱ ৱেলছ’ৰ পৰিচয় ব্যৱহাৰ কৰাৰ পৰা বিৰত আছিল। গতিকে লেডী ডায়েনাৰ পিছত ব্ৰিটিছসকলে পুনৰ কেটৰ ৰূপত ৱেলছৰ ৰাজকুমাৰীক বিচাৰি পাব।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি