লণ্ডনত গুৰুজনাৰ মণিকূট প্ৰতিষ্ঠা কৰা কৰুণা সাগৰ দাসৰ বিয়োগ

ড৹ ভূপেন হাজৰিকাই তেওঁৰ উদাৰতাত মুগ্ধ হৈ ‘সাগৰ’ উপাধি প্ৰদান কৰিছিল।
ড৹ ভূপেন হাজৰিকাই তেওঁৰ উদাৰতাত মুগ্ধ হৈ ‘সাগৰ’ উপাধি প্ৰদান কৰিছিল।
- News18 Assam
- Last Updated: January 8, 2021, 1:04 PM IST
লণ্ডনত Shankardev International Cultural Centre খুলি গুৰুজনাৰ মণিকূট প্ৰতিষ্ঠা কৰিছিল দাসে। যোৱা ২২ বছৰে তেওঁ ‘Luit to Thames’ নামৰ অসমীয়া আৰু ইংৰাজী ভাষাৰ আলোচনী খনৰ সম্পাদনা কৰি আহিছিল।
ড৹ ভূপেন হাজৰিকাই তেওঁৰ উদাৰতাত মুগ্ধ হৈ ‘সাগৰ’ উপাধি প্ৰদান কৰিছিল। আৰু তেতিয়াৰ পৰাই কৰুণা কান্ত দাস কৰুণা ‘সাগৰ’ দাস নামেৰে জনাজাত হৈছিল। ড৹ ভূপেন হাজৰিকাই দাসক এই উপাধি প্ৰদান কৰি কৈছিল – “যোৱা ৫ বছৰে ধৈৰ্য আৰু সাহসেৰে অসমীয়া সংস্কৃতিক বিশ্বমুখী কৰাৰ তোমাৰ প্ৰয়াসৰ তুলনা নাই। তুমি ইংলেণ্ড আৰু স্কটলেণ্ডত গ্লোবেল বিহুতলী গঢ়ি তুলিছা।“