মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Kamala Harris : ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰা আমেৰিকাৰ প্ৰথম মহিলা হ'ল কমলা হেৰিছ, জানক সবিশেষ

Kamala Harris : ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰা আমেৰিকাৰ প্ৰথম মহিলা হ'ল কমলা হেৰিছ, জানক সবিশেষ

৭৯ বছৰীয়া জো বাইডেন (Joe Biden)ৰ জন্ম দিনৰ আগমুহূৰ্তত নিয়মিত স্বাস্থ্য পৰীক্ষাৰ সময়ত কমলা হেৰিছ (Kamala Harris)লৈ সাময়িকভাৱে এই ক্ষমতা হস্তান্তৰকৰণ কৰা হৈছিল।

  • Share this:
ভাৰতীয় মূলৰ আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে ( US Vice President Kamala Harris) আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰা প্ৰথমগৰাকী মহিলা ৰূপে ৰচিলে ইতিহাস। ৰাষ্ট্ৰপতি জো বাইডেন (US President Joe Biden)ৰ অনুপস্থিতিত ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰিলে উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে। মুঠ ১ ঘণ্টা ২৫ মিনিটৰ বাবে এই মহান আৰু গুৰু দায়িত্ব লৈ কমলা হেৰিছে অভিলেখ গঢ়িলে।

ৰাষ্ট্ৰপতি জো বাইডেনৰ এক অসুস্ততাৰ বাবে তেওঁক এনাস্থেছিয়া দিয়া হৈছিল। এই সময়ছোৱাত বাইডেন অচেতন হৈ আছিল। সেয়ে এই সময়ছোৱাৰ বাবে ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ হাতলৈ হস্তান্তৰ কৰা হৈছিল। হোৱাইত হাউছে (White House) জনোৱা মতে আবেলি ৩ বাজি ১০ মিনিটৰ পৰা ৪ বাজি ৩৫ মিনিটলৈ ৰাষ্ট্ৰপতিৰ ক্ষমতা অৰ্জন কৰিছিল কমলা হেৰিছে। এইয়া আমেৰিকাৰ ইতিহাসতে প্ৰথম ঘটনা য'ত এগৰাকী মহিলাই ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰিছিল।

৭৯ বছৰীয়া বাইডেনৰ জন্ম দিনৰ আগমুহূৰ্তত নিয়মিত স্বাস্থ্য পৰীক্ষাৰ সময়ত এই সাময়িক ক্ষমতা হস্তান্তৰকৰণ কৰা হৈছিল। কলনোস্কোপী পৰীক্ষাৰ বাবে এননাশ্থেছিয়া দিয়া হৈছিল বাইডেনক।

শেহতীয়া বাতৰি