মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »ইতিহাস! প্ৰথমগৰাকী ভাৰতীয় বংশোদ্ভূত মহিলা কমলা হেৰিছ আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

ইতিহাস! প্ৰথমগৰাকী ভাৰতীয় বংশোদ্ভূত মহিলা কমলা হেৰিছ আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

জো বিডেন জিকিলে আমেৰিকাত প্রথম কোনো কৃষ্ণাংগ মহিলা ভাইচ প্ৰেচিডেণ্ট হ’ব কেলিফোৰ্নিয়াৰ চিনেটৰ কমলা হেৰিছ।

জো বিডেন জিকিলে আমেৰিকাত প্রথম কোনো কৃষ্ণাংগ মহিলা ভাইচ প্ৰেচিডেণ্ট হ’ব কেলিফোৰ্নিয়াৰ চিনেটৰ কমলা হেৰিছ।

জো বিডেন জিকিলে আমেৰিকাত প্রথম কোনো কৃষ্ণাংগ মহিলা ভাইচ প্ৰেচিডেণ্ট হ’ব কেলিফোৰ্নিয়াৰ চিনেটৰ কমলা হেৰিছ।

  • Share this:
ৱাশ্চিংটনঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইতিহাসত প্ৰথমবাৰলৈ ভাইচ প্ৰেচিডেণ্টৰ দৌৰত এগৰাকী ভাৰতীয় বংশোদ্ভূত মহিলা। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ প্ৰতিদ্বন্দী জো বিডেনে ভাইচ প্ৰেচিডেণ্ট প্ৰাৰ্থী হিচাপে নিৰ্বাচন কৰিছে কমলা হেৰিছক। জো বিডেন জিকিলে আমেৰিকাত প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা উপ ৰাষ্ট্ৰপতি হ’ব কেলিফোৰ্নিয়াৰ চিনেটৰ কমলা হেৰিছ।

জো বিডেনে টুইট কৰি জনাইছে, 'এগৰাকী সাহসী যোদ্ধা তথা দেশৰ জনগণৰ সেৱক কমলা হেৰিছক আমি ৰানিং মেট হিচাপে নিৰ্বাচন কৰিছো। আমেৰিকাৰ জনগণক ঐক্যৱদ্ধ কৰিব পাৰিম। কাৰণ সমগ্ৰ জীৱন ধৰি তেওঁ সকলোৰে কাৰণে যুঁজিছে। হেৰিছক লগত লৈ আমি সকলোৱে মিলি ট্ৰাম্পক পৰাস্ত কৰিবলৈ গৈ আছো।'


আজি অর্থাত্‍ বুধবাৰে বিডেনে তথা কমলা হেৰিছে একেলগে উইলমিংটনে ভাষণ দিব। ৫৫ বছৰ বয়সীয়া ভাৰতীয় বংশোদ্ভূত কমলা হেৰিছে ডেম’ক্ৰেটিক দলৰ অন্যতম জনপ্ৰিয় মুখ। হেৰিছে এনে এটা সময়ত ভাইচ প্ৰেচিডেণ্ট পদৰ কাৰণে প্ৰাৰ্থিত্ব আগবঢ়াইছে, যেতিয়া কোৰোণা ভাইৰাছৰ কাৰণে আমেৰিকাৰ অৰ্থনীতি বিপজ্জনক পৰিস্থিতিত। দেৰ লাখৰো অধিক মানুহৰ মৃত্যু হৈছে ইতিমধ্যেই। বিভিন্ন মানুহে কাম–কাজ হেৰুৱাই নিবনুৱা হৈছে।

বিশেষজ্ঞসকলে কৈছে, কেলিফোৰ্নিয়াৰ চিনেটৰ হেৰিছক ভাইচ প্ৰেচিডেণ্ট পদৰ প্ৰাৰ্থী কৰি এক গুলীত দুই চিকাৰ কৰিছে বিডেনে। প্ৰথম কমলা হেৰিছ ভাৰতীয় বংশোদ্ভূত, ফলত মাৰ্কিন যুক্তৰাষ্ট্ৰত বসবাস কৰা ভাৰতীয় বংশোদ্ভূত লোকসকলৰ ভোট বেংক টানিব পাৰিব বিডেনে। দ্বিতীয়তে, প্রথম কৃষ্ণাংগ মহিলাক ভাইচ প্রেচিডেন্ট পদৰ প্রার্থী কৰি আমেৰিকাৰ কৃষ্ণাংগ ভোটবেংকো সুৰক্ষিত কৰাৰ চেষ্টা।


অকলেণ্ডত জন্মগ্রহণ কৰিছিল কমলা হেৰিছে৷ তেওঁৰ পিতৃ জামাইকান আৰু মাতৃ ভাৰতীয়। হেৰিছে প্রথমবাৰ ২০০৩ বৰ্ষত নির্বাচন জিকিছিল। চান ফ্রান্সিচকোৰ ডিষ্ট্ৰিক্ট এট’ৰ্নী নির্বাচিত হৈছিল৷ ২০১০ বৰ্ষত কেলিফোৰ্নিয়াৰ এটৰ্নী জেনেৰেল নিৰ্বাচিত হৈছিল কমলা।

শেহতীয়া বাতৰি