Kailia Posey Death: উল্লেখ্য যে যোৱা ১৯ এপ্ৰিলত নিজৰ ১৬ বছৰীয়া জন্মদিন উদযাপন কৰিছিল কাইলিয়াই। Kailia Posey Death: উল্লেখ্য যে যোৱা ১৯ এপ্ৰিলত নিজৰ ১৬ বছৰীয়া জন্মদিন উদযাপন কৰিছিল কাইলিয়াই। Kailia Posey Death: মাত্ৰ ১৬ বছৰ বয়সত জীৱনৰ সকলো হাঁহি আৰু আনন্দৰ যৱনিকা পেলাই মৃত্যু হ'ল কাইলিয়া পোছে (Kailia Posey)ৰ। ঘৰৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান আঁতৰত উদ্ধাৰ হয় কাইলিয়া পোছেৰ মৃতদেহ। নিজৰ ধুনীয়া আৰু আকৰ্ষণীয় মিমসমূহৰ বাবে শৈশৱৰ পৰাই বিখ্যাত হৈ পৰিছিল কাইলিয়া পোছে। 'হাঁহি থকা ছোৱালী' (Grinning Girl) নামেৰে বিশ্বত পৰিচিত আছিল কাইলিয়া পোছে। কাইলিয়া ভাইৰেল GIFয়ে ছচিয়েল মিডিয়াত তোলপাৰ লগাইছিল।
এতিয়ালৈ এইয়া এক আত্মহত্যাৰ ঘটনা বুলিয়েই অনুমান কৰা হৈছে যদিও মৃত্যুৰ কাৰণ সন্দৰ্ভত তদন্ত চলি আছে। উল্লেখ্য যে কাইলিয়া আমেৰিকাৰ জনপ্ৰিয় শিশু ৰিয়েলিটা শ্বো 'Toddlers and Tiaras'তো আত্মপ্ৰকাশ কৰিছিল।
আৰক্ষীয়ে জনোৱা মতে সোমবাৰে নিশা প্ৰায় ডেৰ বজাত ৱাশ্বিংটনৰ বিৰ্চ বে' ষ্টেট পাৰ্কত উদ্ধাৰ হৈছিল। কাইলিয়াৰ লিন্দনস্থিত ঘৰৰ পৰা মাত্ৰ ৩০ মিনিটমানৰ দূৰত্বতত পাৰ্কখনত মৃতদেহটো উদ্ধাৰ হৈছিল।
উল্লেখ্য যে যোৱা ১৯ এপ্ৰিলত নিজৰ ১৬ বছৰীয়া জন্মদিন উদযাপন কৰিছিল কাইলিয়াই।
Published by: Manjumoni Borah
First published: May 05, 2022, 20:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|