Kabul Airport Blast: শাসক তালিবানৰ মজিয়াত এইবাৰ ISIS(K)ৰ সন্ত্ৰাস, বিস্ফোৰণত নিহত ৬০, আহত ১৪০
ধাৰাবাহিক বোমা বিস্ফোৰণে কঁপাইছে আফগানিস্তান, গৰিহনা তালিবানৰ।
ধাৰাবাহিক বোমা বিস্ফোৰণে কঁপাইছে আফগানিস্তান, গৰিহনা তালিবানৰ।
- News18 Assam
- Last Updated: August 27, 2021, 1:26 AM IST
ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল আফগানিস্তানৰ কাবুল বিমান বন্দৰ। দেশখনৰ বিমানবন্দৰত এটাৰ পিছত এটাকৈ বিস্ফোৰণ ঘটাৰ বাতৰি পোৱা গৈছে। বিমান বন্দৰৰ নিচেই বাহিৰত হোৱা দুটা আত্মঘাতী আক্ৰমণত এতিয়ালৈ পোৱা খবৰ অনুসৰি প্ৰায় ৬০গৰাকী লোক নিহত হোৱাৰ লগতে আহত হয় ১৪০গৰাকীৰো অধিক। এই আক্ৰমণক লৈ আজি দিনৰ ভাগত শংকা প্ৰকাশ কৰি আমেৰিকাই সাৱধানতা অৱলম্বনৰ নিৰ্দেশ দিছিল যদিও অৱশেষত ৰোধ কৰিব নগ'ল আক্ৰমণ। গুৰুত্বপূৰ্ণ বিষয়ে এয়াই যে এই আক্ৰমণ সংঘটিত কৰাৰ ক্ষেত্ৰত ইছলামিক ষ্টেটৰ সমৰ্থনপুষ্ট ISIS(K)ৰ হাত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছিল। ইছলামিক ষ্টেটে এতিয়া আক্ৰমণৰ দায়িত্ব লৈছে। তালিবানে আক্ৰমণক দিছে গৰিহনা। উল্লেখ্য, আক্ৰমণটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১২ সৈনিক নিহত হৈছে।
বোমা বিস্ফোৰণক লৈ এতিয়ালৈ পোৱা বিশেষ তথ্য
১- প্ৰথম খবৰ আহিছিল যে কাবুলৰ বিমানবন্দৰৰ ওচৰত এটা বিস্ফোৰণ হৈছিল। অৱশ্যে, মৃত্যু আৰু হতাহতৰ সংখ্যাৰ বিষয়ে কোনো তথ্য দিয়া হোৱা নাছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সচিব জন কিৰ্বীয়ে সেয়া নিশ্চিত কৰিছিল৷ প্ৰথমটো বিস্ফোৰণ বিমানবন্দৰৰ আব্বে গেটত সংঘটিত হৈছিল৷ দ্বিতীয় বিস্ফোৰণটো বিমানবন্দৰৰ ওচৰৰ বাৰুন হোটেলৰ ওচৰত সংঘটিত হৈছিল, য'ত ব্ৰিটিছ সৈন্যসকল আছিল।
২- ৰাছিয়াৰ সংবাদ মাধ্যমৰ মতে, এই আক্ৰমণত এতিয়ালৈকে ৪০জন লোক নিহত হৈছে। আহতসকলৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যও আছিল। সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বিমানবন্দৰৰ সকলো কাৰ্য বন্ধ কৰি দিয়া হৈছে।
৩-আমেৰিকা যুক্তৰাষ্ট্ৰৰ মতে, বিমানবন্দৰৰ বাহিৰত তিনিজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক দেখা গৈছিল। তেওঁলোকৰ দুজন আত্মঘাতী বোমাৰু আছিল।
৪- যুক্তৰাজ্যৰ প্ৰতিৰক্ষা মন্ত্ৰালয়েও দুয়োটা বিস্ফোৰণ নিশ্চিত কৰিছে। বিমানবন্দৰৰ সকলো বিমান নাটো সৈন্যৰ দ্বাৰা অধিগ্ৰহণ কৰা হৈছে।
৫-জাৰ্মান চেন্সেলৰ এঞ্জেলা মৰ্কেলে এই আক্ৰমণক ভয়ংকৰ বুলি অভিহিত কৰিছে। তেওঁ কয় যে কাবুল বিমানবন্দৰত দেশ এৰিবলৈ থিয় হৈ থকা লোকসকলক আক্ৰমণ কৰা হৈছিল। তেওঁলোকে শান্তি বিচাৰিছিল কিন্তু তেওঁলোকক সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল। এয়া ভয়ংকৰ।
৬- তালিবানে কাবুল বিমানবন্দৰৰ বাহিৰত হোৱা বিস্ফোৰণক গৰিহণা দিছে। তালিবানে কৈছে যে বিমানবন্দৰৰ নিৰাপত্তা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ হাতত আছিল।
৭- ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে কৈছে যে কাবুল বিমানবন্দৰৰ চাৰিওফালৰ পৰিস্থিতি বেয়াকৈ অৱনতি হৈছে। তেওঁ কৈছে যে বিমানবন্দৰৰ পৰা উদ্ধাৰ অভিযান অব্যাহত থাকিব।













