• Home
  • »
  • News
  • »
  • world
  • »
  • Kabul Airport Blasts Update: কাবুল বিস্ফোৰণৰ মৃতকৰ সংখ্যা ৯০লৈ বৃদ্ধি! ঘটনাৰ দায়িত্ব স্বীকাৰ আইএছৰ

Kabul Airport Blasts Update: কাবুল বিস্ফোৰণৰ মৃতকৰ সংখ্যা ৯০লৈ বৃদ্ধি! ঘটনাৰ দায়িত্ব স্বীকাৰ আইএছৰ

তালিবানৰ তৰফৰ পৰা চৰকাৰী ভাবে অৱশ্যে ৭২ জনৰ মৃত্যু হৈছে বুলি দাবী কৰিছে।

তালিবানৰ তৰফৰ পৰা চৰকাৰী ভাবে অৱশ্যে ৭২ জনৰ মৃত্যু হৈছে বুলি দাবী কৰিছে।

তালিবানৰ তৰফৰ পৰা চৰকাৰী ভাবে অৱশ্যে ৭২ জনৰ মৃত্যু হৈছে বুলি দাবী কৰিছে।

  • Share this:
কাবুলৰ ধাৰাবাহিক বোমা বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ৯০ জনলৈ বৃদ্ধি। আহতৰ সংখ্যা ডেৰশৰো অধিক। আফগানিস্তানৰ স্থানীয় সংবাদ মাধ্যমে কৰিছে এই দাবী। ইছলামিক ষ্টেটে এতিয়া আক্ৰমণৰ দায়িত্ব লৈছে।

বৃহস্পতিবাৰে সন্ধিয়া প্ৰথমে ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছিল আফগানিস্তানৰ কাবুল বিমান বন্দৰ। বিমান বন্দৰৰ নিচেই বাহিৰত হোৱা দুটা আত্মঘাতী বিস্ফোৰণ ঘটে। ইয়াৰ ঠিক পিছতে পুনৰ এটা বিস্ফোৰণ কাণ্ড সংঘটিত হয়। বিস্ফোৰণত ১৩ জন মাৰ্কিন সেনা নিহত হোৱাৰ খবৰ ওলাইছে।

তালিবানৰ তৰফৰ পৰা চৰকাৰী ভাবে অৱশ্যে ৭২ জনৰ মৃত্যু হৈছে বুলি দাবী কৰিছে। মৃতকৰ মাজত আছে ২৮ জন তালিবানীও। এই আক্ৰমণক লৈ বৃহস্পতিবাৰে দিনৰ ভাগত শংকা প্ৰকাশ কৰি আমেৰিকাই সাৱধানতা অৱলম্বনৰ নিৰ্দেশ দিছিল যদিও অৱশেষত ৰোধ কৰিব নগ'ল আক্ৰমণ। আক্ৰমণৰ পিছত অধিক সতৰ্ক হৈছে মাৰ্কিন সেনা।

ইফালে  কাবুল বিমানবন্দৰত বিস্ফোৰণৰ ঘটনাত যিয়েই জড়িত নাথাকক কিয়, তেওঁলোকক বিচাৰি উলিয়াই শাস্তি দিয়াৰ হুংকাৰ দিলে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে। জো বাইডেনে কয়, ‘যিয়ে এই আক্ৰমণ সংঘটিত কৰিছে আৰু যিয়ে আমেৰিকাৰ ক্ষতি বিচাৰে, তেওঁলোকে এটা কথা জানি থওক, আমি তেওঁলোকক ক্ষমা নকৰো। আমি পাহৰি নাযাওঁ। আমি তেওঁলোকক বিচাৰি উলিয়াই শাস্তি দিম।’
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি