হতাশাগ্ৰস্ত হলীউদৰ জনপ্ৰিয় গায়ক জাষ্টিন বিবাৰ, অনুৰাগীৰ পৰা কি সহায় বিচাৰিলে জাষ্টিনে?

Dulu Medhi | News18-Assam
Updated:April 16, 2019, 4:46 PM IST
হতাশাগ্ৰস্ত হলীউদৰ জনপ্ৰিয় গায়ক জাষ্টিন বিবাৰ, অনুৰাগীৰ পৰা কি সহায় বিচাৰিলে জাষ্টিনে?
‘মই সদায় উভতি যাব বিচাৰো, সেয়ে বেছি চিন্তিত হৈ আছো। আপোনালোকৰ মাজলৈ যাবৰ বাবে মোৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ক’ব বিচাৰিছো

‘মই সদায় উভতি যাব বিচাৰো, সেয়ে বেছি চিন্তিত হৈ আছো। আপোনালোকৰ মাজলৈ যাবৰ বাবে মোৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ক’ব বিচাৰিছো

  • Share this:
সাধাৰণ মানুহ হিচাপে আমি প্ৰত্যেকেই জীৱনত হতাশা বা অৱসাদগ্ৰস্ততাৰ সন্মুখীন হৈছো। এই হতাশা বিভিন্ন অপ্ৰাপ্তিৰ পৰা সৃষ্টি হয়। পিছে সফলতাৰ শিখৰত থকা একোৰে অভাৱ নোহোৱা চেলিব্ৰেটীসকলো হতাশাগ্ৰস্ততাৰ চিকাৰ হয়।



বলিউড–হলিউডৰ বিভিন্ন তাৰকাই হতাশাত ভোগাৰ খবৰ আমি সময়ে সময়ে পাই আহিছো। এইবাৰ হতাশাৰে যুঁজিছে হলীউদৰ বিখ্যাত গায়ক তথা যুৱ প্ৰজন্মৰ মাজত অতিকে জনপ্ৰিয় জাষ্টিন বিবাৰ। হতাশগ্ৰস্ততাৰ বাবে দীৰ্ঘদিন ধৰি জাষ্টিনৰ কোনো গীত ৰিলিজ হোৱা নাই। কিন্তু শেহতীয়াকৈ জাষ্টিন বিবাৰে নিজৰ হতাশগ্ৰস্ততাৰ কথা প্ৰকাশ কৰি কয় যে তেওঁ সমগ্ৰ বিশ্বৰ পৰা বিচ্ছিন্ন আৰু অদ্ভুত অনুভৱ কৰিছে।

কানাডিয়ান মূলৰ বিখ্যাত গায়ক জাষ্টিনে সম্প্ৰতি হতাশাৰ মাজত পাৰ কৰিছে দিন। শেহতীয়াকৈ এই সম্পৰ্কে ইনষ্টাগ্ৰামত তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰিছে। লগতে তেওঁ কেনয়ে ৱেষ্ট আৰু স্কুটৰ ব্ৰাউনৰ সৈতে এখন ফটোও শ্বেয়াৰ কৰিছে।



পোষ্টটোত জাষ্টিনে উল্লেখ কৰিছে, তেওঁ হতাশগ্ৰস্ততাৰ সমস্যাৰ সৈতে যুঁজি আছে। পৃথিৱীৰ পৰা বিচ্ছিন্ন আৰু অদ্ভুত অনুভৱ কৰিছে। ‘মই সদায় উভতি যাব বিচাৰো, সেয়ে বেছি চিন্তিত হৈ আছো। আপোনালোকৰ মাজলৈ যাবৰ বাবে মোৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ক’ব বিচাৰিছো। ভগৱানৰ ওপৰত ভৰসা আছে আৰু আপোনালোকৰ প্ৰাৰ্থনাই মোৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিব। ধন্যবাদ।’ – ইনষ্টাগ্ৰাম পোষ্টত উল্লেখ কৰিছে জাষ্টিনে।

 



শেহতীয়াকৈ চৰ্চাত আহিছিল যে জাষ্টিনে নিজৰ মানসিক স্থিতিৰ চিকিৎসা কৰাই আছে। তেওঁক লৈ নানা ধৰণৰ খবৰ ওলাইছিল মিডিয়াত।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading