চিকিৎসাধীন অৱস্থাত অক্সিজেনৰ অভাৱত ১০গৰাকী কোৰোনা ৰোগীৰ মৃত্যুৰ বাবে এখন চৰকাৰী চিকিৎসালয়ৰ পৰিদৰ্শকক তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছে। জৰ্ডানৰ এখন আদালতে (Jordanian court) দেওবাৰে এই আদেশ প্ৰদান কৰে।
পৰিদৰ্শকজনৰ নাম আব্দেল ৰজাক আল খাছমান (Abdel Razak al-Khashman)। তেওঁক তেওঁৰ চাৰিজন সহযোগীৰ সৈতে দণ্ড বিহা হৈছিল। চিকিৎসালয়খন ৰাজধানী আম্মানৰ পৰা ১৪ মাইল পশ্চিমে ছল্ট চহৰত অৱস্থিত। চৰকাৰী চিকিৎসালয়খনক আল হোছেইন আল ছল্ট নিউ হাস্পতাল বুলি কোৱা হয়।
আদালতৰ এজন প্ৰতিনিধিয়ে কয় যে দণ্ডিত ব্যক্তিসকলক ১০ দিনৰ ভিতৰত আপীল কৰাৰ নিৰ্দেশ দিয়া হৈছে।
যোৱা মাৰ্চত সংঘটিত দুৰ্ঘটনাটোৱে (coronavirus patients Death) সমগ্ৰ দেশতে ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী নাজিৰ ওবেদাতে পদত্যাগ কৰিছিল। ঘটনাটোৰ পিছত ৰজা দ্বিতীয় আব্দুল্লাহেও (King Abdullah II) চিকিৎসালয় পৰিদৰ্শনৰ বাবে গৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|