‘আজি গণতন্ত্ৰৰ জয়’, শপত গ্ৰহণত একেলগে ইতিহাস গঢ়াৰ বাৰ্তা বাইডেনৰ

শপত গ্ৰহণর পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে কয়, ‘আজি গণতন্ত্ৰ দিন, আজি আমেৰিকাৰ জয় হৈছে। আজিৰে পৰা নতুনকৈ সপোন দেখাৰ দিন।’’
শপত গ্ৰহণর পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে কয়, ‘আজি গণতন্ত্ৰ দিন, আজি আমেৰিকাৰ জয় হৈছে। আজিৰে পৰা নতুনকৈ সপোন দেখাৰ দিন।’’
- News18 Assam
- Last Updated: January 21, 2021, 8:33 AM IST
নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণক লৈ ৱাশ্বিংটনক একেবাৰে নতুন ৰূপত সজাই তোলা হয়। কোৰোণাৰ প্ৰতি লক্ষ্য ৰাখি কেপিটেল বিল্ডিঙত অনুষ্টুপীয়া অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ উপৰি, কিছুদিন আগতে কেপিটেল বিল্ডিঙত যি ভয়ংকৰ আক্ৰমণ হৈছিল তাৰ পুনৰাবৃত্তি নহ’বলৈ মোতায়েন কৰা হৈছিল নিৰাপত্তা বাহিনীৰ প্ৰায় ১৫ হাজাৰ সেনা কৰ্মীক।সেনাৰ সুৰক্ষা বেষ্টনীৰ মাজতে শপত গ্ৰহণ কৰিলে বাইডেনে।
শপত গ্ৰহণর পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে কয়, ‘আজি গণতন্ত্ৰ দিন, আজি আমেৰিকাৰ জয় হৈছে। আজিৰে পৰা নতুনকৈ সপোন দেখাৰ দিন।’’
পত্নী জিল বাইডেনো উপস্থিত আছিল অনুষ্ঠানত। পত্নীক উদ্দেশ্যি বাইডেনে কয়, ‘‘মোৰ এই কঠিন যুদ্ধত তোমাক কাষত পাইছো, মই ভাগ্যৱান।’’ হিলেৰী ক্লিণ্টৰ পৰা আৰম্ভ কৰি বাৰাক ওবামা সকলোৱে অভিনন্দন জনাইছে নতুন ৰাষ্ট্ৰপতি আৰু উপ–ৰাষ্ট্ৰপতিক। শুভেচ্ছাৰ ঢৌ উঠিছে ছচিয়েল মিডিয়াত।