உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • কোৰোণাৰ উৎস কি? সন্দেহৰ আৱৰ্তত পুনৰ চীন! বাইডেনে আমেৰিকাৰ গুপ্তচৰক দিলে ৯০ দিনৰ সময়

    কোৰোণাৰ উৎস কি? সন্দেহৰ আৱৰ্তত পুনৰ চীন! বাইডেনে আমেৰিকাৰ গুপ্তচৰক দিলে ৯০ দিনৰ সময়

    • Share this:

    কোৰোণাই দুবছৰে বিশ্বক সন্ত্ৰস্ত কৰি ৰাখিছে। কিন্তু কোৰোণাৰ উৎসৰ বিষয়ে এতিয়ালৈকে কোনো অৱগত নহয়। প্ৰথমাৱস্থাত চীনক ইয়াৰ বাবে দোষাৰোপ কৰা হৈছিল যদিও বিশ্ব স্বাস্থ্য সংস্থাই চীনলৈ গৈ চৰজমিন তদন্ত চলোৱাৰ পিছত চীনক দোষমুক্ত কৰা হৈছিল। কিন্তু পুনৰ চীনৰ উহানৰ গৱেষণাগাৰৰ পৰা কোৰোণা ভাইৰাছ বিয়পাৰ তত্ত্বই মূৰ দাঙি উঠিছে। ট্ৰাম্পৰ লেখীয়া এতিয়া আমেৰিকাৰ বাইডেন চৰকাৰেও দেশখনৰ গুপ্তচৰ বিভাগক ৯০ দিনৰ ভিতৰত কোৰোণাৰ উৎস সম্পৰ্কীয় সকলো তথ্য ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে।


    অৰ্থাৎ কোৰোণাক লৈ আমেৰিকাৰ চীনৰ ওপৰত সন্দেহ এতিয়াও আছে। এইক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনকো আমেৰিকাই উলাই কৰিছে। বাইডেনৰ নিৰ্দেশৰ পিছতে চীনৰ প্ৰশাসনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰে। উল্লেখ্য, শেহতীয়াকৈ প্ৰকাশ পোৱা এক প্ৰতিবেদনত কোৱা হৈছে যে উহানৰ পৰীক্ষাগাৰৰ ৩ জন সদস্যক ২০১৯ চনত চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল। তেওঁলোকৰ শৰীৰত হঠাতে এনে কিছু লক্ষণে দেখা দিয়ে, যিবোৰ কোৰোণাৰ লক্ষণৰ দৰে একে। এই ঘটনা কোৰোণা মহামাৰীৰ কেইমাহমান আগতে সংঘটিত হৈছিল। ইয়াৰ পিছতে মাৰাত্মক ভাইৰাছবিধ চীনকে ধৰি সমগ্ৰ বিশ্বতে বিয়পি পৰে। বিশেষজ্ঞই দাবী কৰা মতে, চীনৰ উহান গৱেষণাগাৰৰ পৰা ইচ্ছাকৃত বা অনিচ্ছাকৃতভাৱে এই ভাইৰাছ বিয়পিছিল।


    অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই সেই দাবী নাকচ কৰে। ইয়াৰ পিছত বিশ্ব স্বাস্থ্য সংস্থাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হ'বলৈ আৰম্ভ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফালৰ পৰা। আমেৰিকাৰ মতে, বিশ্ব স্বাস্থ্য সংস্থাই চীনক বচাবলৈ এই দাবী নাকচ কৰিছে। আনহাতে চীনে এই প্ৰতিবেদনে বিশ্ব স্বাস্থ্য সংস্থাক অসন্মান কৰা বুলি উল্লেখ কৰে আৰু কৈছে যে প্ৰতিবেদনখনৰ সকলো তথ্য ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয়। চীনৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰই কোৰোণাৰ বিৰুদ্ধে সকলো দেশ এক হৈ যুঁজাৰ যি প্ৰৱণতা, তাক লাঘৱ কৰিছে। কিন্তু এতিয়া বাইডেন প্ৰশাসনৰ ৯০ দিনীয়া সময়ে এক বিশেষ তাৎপৰ্য বহন কৰিছে। ৯০ দিনৰ অন্তত কি প্ৰতিবেদন আহে, তালৈও বহুতে অপেক্ষা কৰিছে।

    Published by:Gautam Barman
    First published: