‘এইখন আমেৰিকাৰ কাহিনীত অন্ধকাৰ নহয়, থাকিব মাথোঁ পোহৰ’, শপত গ্ৰহণ কৰি ক’লে জো বাইডেনে

শপত লৈ আমেৰিকাবাসীক উদ্দেশ্যি আন এখন আমেৰিকা গঢ়াৰ বাৰ্তা দিলে বাইডেনে।
শপত লৈ আমেৰিকাবাসীক উদ্দেশ্যি আন এখন আমেৰিকা গঢ়াৰ বাৰ্তা দিলে বাইডেনে।
- News18 Assam
- Last Updated: January 21, 2021, 9:03 AM IST
বুধবাৰে কেপিটেলত এই শপতগ্ৰহণ অনুষ্ঠানক লৈ জকমকীয়া পৰিৱেশে বিৰাজ কৰে। সমগ্ৰ ৱাশ্বিংটন আছিল নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনীত। অনুষ্ঠানত উপস্থিত আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা আৰু তেওঁৰ পত্নী মিছেল ওবামা। আন এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন আৰু তেওঁৰ পত্নী হিলেৰী ক্লিণ্টনসহ আমেৰিকাৰ বহু গণ্য–মান্য ব্যক্তি। লেডী গাগাৰ কণ্ঠত আমেৰিকাৰ জাতীয় সংগীতেৰে আৰম্ভ হয় অনুষ্ঠান। প্ৰথমে শপতগ্ৰহণ কৰে কমলা হেৰিছে। শপত বাক্য পাঠ কৰায় আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ছনিয়া ছোতোমেয়ৰে। ইয়াৰপিছত পডিয়ামলৈ আহে জো বাইডেন। শপত বাক্য পাঠ কৰালে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জন ৰবাৰ্টছে। আছিল জেনিফাৰ লোপেজৰ গাম ‘আমেৰিকা দ্য বিউটিফুল’।
Today, we begin anew. Tune in for #Inauguration2021. https://t.co/HxfU8q5riA
— Joe Biden (@JoeBiden) January 20, 2021
শপত লৈ আমেৰিকাবাসীক উদ্দেশ্যি আন এখন আমেৰিকা গঢ়াৰ বাৰ্তা দিলে বাইডেনে। য’ত সকলোৱে মিলি আশা, ঐক্যতাৰে নতুন যুক্তৰাষ্ট্ৰ গঢ়ি তোলা হ’ব। বিগত বছৰত ট্ৰাম্পৰ সময়ত আমেৰিকাত বাৰম্বাৰ কৃষ্ণাংগ আন্দোলন তীব্ৰতৰ হৈছিল। বৰ্ণগত মেৰুকৰণ তীব্ৰতৰ হৈ উঠিছিল। বহু দেশৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক ফাট মেলিছিল। সেই সকলো ফাটত যেন প্ৰলেপ দিলে বাইডেনৰ শপতগ্ৰহণে। তেওঁ ক’লে, কোনো বিশেষ সম্প্ৰদায় বা বৰ্ণৰ নহয়, সমগ্ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি তেওঁ।