US Election 2020- মেজিক নম্বৰ ২৭০, ২৬৪ স্পৰ্শ কৰিলে বাইডেনে, এই পৰ্যন্ত লাভ কৰিলে অভিলেখ সংখ্যক ৭ কোটিতকৈও অধিক ভোট

News18 Assam | News18-Assam
Updated:November 5, 2020, 2:12 PM IST
US Election 2020- মেজিক নম্বৰ ২৭০, ২৬৪ স্পৰ্শ কৰিলে বাইডেনে, এই পৰ্যন্ত লাভ কৰিলে অভিলেখ সংখ্যক ৭ কোটিতকৈও অধিক ভোট
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ দিশে জ’ বাইডেন।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ দিশে জ’ বাইডেন।

  • Share this:
কোন হ’ব আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? তীব্ৰ প্ৰতিদ্বন্দিতা ড’নাল্ড ট্ৰাম্প আৰু জ’ বাইডেনৰ মাজত। তাৰ মাজতে এতিয়া ক্ৰমাত্‍ স্পষ্ট হৈছে ছবিখন। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’বলৈ মাত্ৰ ৬ খোজ দূৰৈত জ’ বাইডেন। সংবাদ সংস্থা এপিৰ দাবী অনুসৰি, এই পৰ্যন্ত ২৬৪টা ইলেক্টোৰেল ভোট লাভ কৰিছে জ’ বাইডেনে। সেইদৰে ড’নাল্ড ট্ৰাম্পে লাভ কৰিছে ২১৪টা ইলেক্টোৰেল ভোট।

ইফালে ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বাইডেনে (Joe Biden) পিছ পেলোৱাৰ পিছত ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ প্ৰচাৰ টীমে জৰ্জিয়া, বিস্ক’ন্সিন আৰু দেশৰ বিভিন্ন এলেকাত ভোটগ্ৰহণত দুই নম্বৰী কৰাৰ অভিযোগ কৰিছে। আনকি ছুপ্ৰীম ক’ৰ্টত গৈ ভোটগণনা বন্ধ কৰাৰো আহ্বান জনাইছে ট্ৰাম্পে।

পৰাজয়ৰ দিশলৈ গতি কৰাৰ কাৰণে ট্ৰাম্পে এতিয়া আদালতৰ দ্বাৰস্থ হৈছে। ট্ৰাম্পৰ প্ৰচাৰ টীমৰ সদস্যই এতিয়া বাচি থকা ৰাজ্যসমূহত ভোটগণনা বন্ধ কৰিবলৈ ছুপ্ৰীম ক’ৰ্টৰ দ্বাৰস্থ হৈছে। ট্ৰাম্পে বাৰে বাৰে ভোটগণনাত ডাঙৰ খেলিমেলি কৰাৰ অভিযোগ কৰিছে আৰু মেল ইন বেলটক ডাঙৰ কেলেংকাৰী আখ্যা দিছে।
Published by: Himangshu Bhuyan
First published: November 5, 2020, 2:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading