এটা নতুন জীৱন আৰম্ভ কৰিলে জেনিফাৰ গেটছে (Jeniffer Gates) ৷ বিল আৰু মেলিণ্ডা গেটছৰ জ্যেষ্ঠ কন্যা (Bill and Melinda Gates daughter) জেনিফাৰে নোয়েল নাছেৰক বিয়া কৰাইছিল ৷ ইজিপ্তৰ যুৱক নায়েল এগৰাকী শ্ব' জাম্পাৰ ঘোঁৰাচালক বা পেছাত এজন অশ্বাৰোহী ৷ নিউয়ৰ্কৰ ৱেষ্টচেষ্টাৰত (Jeniffer Gates wedding) জেনিফাৰৰ ঘৰতে কৰা হৈছিল বিবাহৰ পাৰ্টিৰ আয়োজন ৷
বিয়াৰ দিনা জেনিফাৰে ভেৰা ৱাঙৰ এটা ফুল শ্লিভ গাউন পিন্ধিছিল। দীঘল ওৰণি বা ভেলৰ লগত জেনিফাৰে সূক্ষ্ম এম্ব্ৰইডাৰীত বোৱা গাউনৰ সৈতে পাতল গহনা পিন্ধিছিল। নোয়েলে এটা ক'লা টাক্সেডো, বগা চাৰ্ট আৰু বো-টাই পৰিধান কৰিছিল। গেটছৰ ১৪২ একৰ বিশাল চৌহদত অনুষ্ঠিত বিবাহ অনুষ্ঠানলৈ মুঠ ৩০০ জন অতিথিক নিমন্ত্ৰণ জনোৱা হৈছিল।

যদিও কন্য়াৰ বিয়াৰ কেইমাহমান আগতে, এই বছৰৰ আগষ্টত বিল আৰু মেলিণ্ডাৰ বিচ্ছেদ হৈছিল । তেওঁলোকৰ ২৭ বছৰীয়া বিবাহিত জীৱনৰ ইতি পৰিছিল। ইয়াৰ আগতে মে' মাহত তেওঁলোকে বিবাহ বিচ্ছেদৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছিল। কিন্তু তেওঁলোকে উল্লেখ কৰিছিল যে তেওঁলোক বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনৰ কাম একেলগে কৰি যোৱাৰ চেষ্টা কৰিব। বিল আৰু মেলিণ্ডাৰ বাহিৰে আন এজন ট্ৰাষ্টী ৱাৰেন বাফেও জুনত ফাউণ্ডেচনৰ বোৰ্ডৰ পৰা পদত্যাগ কৰিছিল ৷ মেলিণ্ডা আৰু বিল গেটছে একেলগে কাম কৰিব নোৱাৰিলে দুবছৰৰ ভিতৰত পৃথক হৈ ওলাই যাব বুলিও চৰ্চা হৈছে৷
বিল আৰু মেলিণ্ডাৰ সৰু ছোৱালী ফবীৰ বয়স ১৯ বছৰ৷ তেওঁলোকৰ পুত্ৰ ৰনিৰ বয়স ২২ বছৰ ৷ ভাই-ভনীৰ ভিতৰত জ্যেষ্ঠ জেনিফাৰৰ বয়স ২৫ বছৰ৷ তেওঁ এগৰাকী অশ্বাৰোহীও ৷ তেওঁ আৰু নোৱেল কেইবা বছৰ ধৰি একেলগে আছে ৷ তেওঁলোকৰ ৰাজকীয় বিবাহৰ ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে ৷ বিল গেটছ তেওঁৰ জীয়েকৰ বিবাহক লৈ উৎসাহিত ৷ তেওঁ ইনষ্টাগ্ৰামত লিখিছে, ''তোমাৰ বিয়াৰ দিনা তামোক আনন্দেৰে ভৰি থকা দেখি মই কিমান সুখী সেয়া শব্দত প্ৰকাশ কৰাটো অসম্ভৱ। মই তোমালোক দুয়োৰে বাবে গৌৰৱান্বিত।''

মেলিণ্ডা গেটছে তেওঁৰ বাৰ্তাত জেনিফাৰ আৰু নোৱেলৰ কথা উল্লেখ কৰি লিখিছে, "এই পোহৰ আৰু আনন্দ উদযাপন কৰাৰ আনন্দই সুকীয়া।" নৱবিবাহিত জেনিফাৰৰ প্ৰতিক্ৰিয়া অৱশ্যে চমু। তেওঁ লিখিছে, 'আমাৰ পৃথিৱী'।
Published by: Manjumoni Borah
FIRST PUBLISHED : October 19, 2021, 21:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।