পাকিস্তানত সন্ত্ৰাসবাদী সংগঠন জঈছ–ঈ–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক লৈ ডাঙৰ খবৰ। ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে যে ৰাৱলপিণ্ডী চহৰৰ সামৰিক হাস্পতালত সংঘটিত হোৱা বিস্ফোৰণত মাছুদ আজহাৰসহ ১০টা সন্ত্ৰাসবাদী গুৰুতৰভাৱে আহত হয়। দেওবাৰে সন্ধিয়া সামৰিক হাস্পতালত সংঘটিত হৈছিল এই বিস্ফোৰণৰ ঘটনা। সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ এই হাস্পতালখনত বিগত কিছু দিনধৰি চিকিত্সাধীন হৈ আছে। কিন্তু এইসমূহ দাবী বৰ্তমানলৈও নিশ্চিত হোৱা নাই।
মিডিয়া ৰিপ’ৰ্ট অনুসৰি, কোয়েটাৰ মানৱাধিকাৰৰ কৰ্মকৰ্তা অহছানুল্লাহ মিয়াখেলে অভিযোগ উত্থাপন কৰিলে যে সেনাই মিডিয়াক এই ঘটনাটো প্ৰকাশ কৰাত বাধা প্ৰদান কৰিছে। তেওঁ লগতে এইটো দাবী কৰে যে UN দ্বাৰা ব্লেকলিষ্ট কৰা সন্ত্ৰাসবাদী জঈছ–ঈ–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ সেই হাস্পতালখনে ভৰ্তি হৈ আছে, য’ত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল।
মিয়াখেলে টুইটাৰযোগে দাবী কৰিলে যে এই হাস্পতালখনতে জঈছ–ঈ–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ ভৰ্তি হৈ আছিল। মিডিয়াক ঘটনা সন্দৰ্ভত কোনোধৰণৰ খবৰ প্ৰকাশ নকৰিবলৈ বাধা প্ৰদান কৰিছে। তেওঁৰ এই টুইটৰ পিছতে পাকিস্তানীলোকসকলে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে।
পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল জঈছ–ঈ–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰে। কেৱল পুলৱামাই নহয় লগতে তেওঁৰ সংগঠন জঈছ–ঈ–মহম্মদে ভাৰতৰ কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে।
UN–এ ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰূপেজঈছ–ঈ–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰূপে ইতিমধ্যে ঘোষণা কৰিছে। UN–এ মাছুদ আজহাৰৰ নাম ব্লেকলিষ্টত দাখিল কৰিছে। ভাৰতে বহুসময় ধৰি মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা কৰাৰ দাবী তুলি আছিল।
বিস্ফোৰণত মুঠ ১৬ গৰাকী লোক আহত
হাস্পতালত সংঘটিত হোৱা বোমা বিস্ফোৰণত আহত আৰু নিহতৰ সংখ্যা বৰ্তমানলৈ নিশ্চিত হোৱা নাই। কিন্তু সূত্ৰ অনুসৰি বিস্ফোৰণত আহত ১৬গৰাকী লোকক সংকটজনক অৱস্থাত ICUত ভৰ্তি কৰোৱা হৈছে। মাছুদ আজহাৰে ICUত ভৰ্তি হৈ আছে। বৰ্তমানলৈ বিস্ফোৰণ ঘটোৱাৰ কাৰণ জানিব পৰা হোৱা নাই।
Published by: Dulu Medhi
FIRST PUBLISHED : June 24, 2019, 14:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।