আমেৰিকা যুক্তৰাষ্ট্ৰই মহাকাশচাৰী শব্দটোৰ সংজ্ঞাক লৈ নতুন ব্যাখ্যা দাঙি ধৰিছে। দেশখনে প্ৰকাশ কৰা মতে, মহাকাশত ভ্ৰমণ কৰা যিকোনো লোকক আৰু মহাকাশচাৰী বুলি ক'ব পৰা নাযাব। গতিকে মহাকাশ ভ্ৰমণ কৰা মহাকাশচাৰীসকলৰ নামৰ সৈতে নিজকে জড়িত কৰাৰ সপোন সাৰ্থক কৰা দুই বিলিয়নাৰ এক ডাঙৰ বিফলতাৰ সন্মুখীন হ'ল।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনে যোৱা মঙলবাৰে নতুন নিয়ম প্ৰস্তুত কৰিছিল। বিবিচিৰ প্ৰতিবেদন মতে, এই নিয়ম অনুসৰি মহাকাশযানৰ কৰ্মচাৰী হোৱা আৰু মহাকাশত সেই বাহনখনৰ সুৰক্ষাত অৰিহণা যোগোৱাসকলকহে মহাকাশচাৰী বুলি গণ্য কৰা হ'ব। ইয়াৰ অৰ্থ হৈছে যে জেফ বেজোছ আৰু ৰিচাৰ্ড ব্ৰেনছন আমেৰিকা চৰকাৰৰ দৃষ্টিত মহাকাশচাৰী নহয়।
২০০৪ চনৰ ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনৰ নিয়ম সলনি কৰি এই নীতি প্ৰৱৰ্তন কৰা হৈছে। এফ এ এই কৈছে যে মহাকাশচাৰীজনে মহাকাশচাৰী হিচাপে নামভৰ্তি কৰিবলৈ পৃথিৱীৰ পৃষ্ঠৰ পৰা ৫০ মাইল ওপৰলৈ যাব লাগিব। বাকী চৰ্তবোৰো নতুন নিয়ম অনুসৰি পূৰণ কৰিব লাগিব। এইক্ষেত্ৰত বেজোছ আৰু ৰিচাৰ্ড ব্ৰেনছন দুয়ো পৃষ্ঠৰ পৰা ৫০ মাইলতকৈও অধিক ওপৰলৈ গৈছে। কিন্তু বাকী চৰ্তবোৰ নতুন নিয়ম অনুসৰি পূৰণ কৰা হোৱা নাই।
গতিকে আমাজনৰ মুখ্য কাৰ্যবাহী জেফ বেজোছে ব্লু অৰিজিন ৰকেটত উঠি মহাকাশৰ কাষৰ পৰা ঘূৰি আহিও মহাকাশচাৰীৰ মৰ্যাদা লাভ নহল। একে দশা ব্ৰেনছনৰো। উল্লেখ্য, এফ এ এই এটা বিবৃতিত কৈছিল যে মহাকাশযানৰ বাণিজ্যিক উৰণত ৰাজহুৱা সুৰক্ষাৰ কথা বিবেচনা কৰি নীতিৰ পৰিৱৰ্তন কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|