ঋত্বিক ৰোশনক ভাল পোৱা বাবেই পত্নীক হত্যা, তাৰ পিছতে আত্মহত্যা স্বামীৰ

News18-Assam
Updated:November 12, 2019, 12:09 PM IST
ঋত্বিক ৰোশনক ভাল পোৱা বাবেই পত্নীক হত্যা, তাৰ পিছতে আত্মহত্যা স্বামীৰ
যেতিয়াই মহিলাগৰাকীয়ে ঋত্বিক ৰোশনৰ চিনেমা বা গান চাইছিল, তেওঁৰ স্বামীয়ে কাজিয়াত লিপ্ত হৈছিল আৰু বন্ধ কৰিবলৈ কৈছিল।

যেতিয়াই মহিলাগৰাকীয়ে ঋত্বিক ৰোশনৰ চিনেমা বা গান চাইছিল, তেওঁৰ স্বামীয়ে কাজিয়াত লিপ্ত হৈছিল আৰু বন্ধ কৰিবলৈ কৈছিল।

  • News18 Assam
  • Last Updated: November 12, 2019, 12:09 PM IST
  • Share this:
আমেৰিকাৰ কুইনছ চহৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভিনেতা ঋত্বিক ৰোশনক ভাল পোৱা বাবেই পত্নীক নৃশংসভাৱে হত্যা কৰিলে ভাৰতীয় মূলৰ এজন লোকে। পত্নীক হত্যাৰ পিছতে চিপ লৈ আত্মহত্যা কৰে লোকজনে।

সূত্ৰ অনুসৰি, ৩৩ বছৰীয়া দিনেশ্বৰ বুদ্ধিদাত নামৰ লোকজনে ২৭ বছৰীয়া পত্নীক ছুৰীৰে হানি–খুচি হত্যা কৰে। তাৰ পিছতে এডাল গছত চিপ লৈ আত্মহননৰ পথ বাচি লয় লোকজনে। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

মৃত দম্পতীৰ এজন বন্ধুৱে জনোৱা অনুসৰি, মহিলাগৰাকী ঋত্বিক ৰোশনৰ একান্ত অনুৰাগী আছিল। যেতিয়াই মহিলাগৰাকীয়ে ঋত্বিক ৰোশনৰ চিনেমা বা গান চাইছিল, তেওঁৰ স্বামীয়ে কাজিয়াত লিপ্ত হৈছিল আৰু বন্ধ কৰিবলৈ কৈছিল।

স্বামীৰ এই স্বভাৱৰ বাবে মহিলাগৰাকীয়ে পৃথকে থকাৰ সিদ্ধান্তও লৈছিল। কিন্তু যেতিয়া স্বামীয়ে ঋত্বিকৰ চিনেমা আৰু গান চোৱাৰ কথা মানি লৈছিল পুনৰ একেলগে থাকিবলৈ লৈছিল। কিন্তু শেহতীয়াকৈ দিনেশ্বৰে পত্নীৰ ভগ্নীক মেছেজ কৰি জনায় যে তেওঁ পত্নীক হত্যা কৰিছে। লগতে লোকজনে ঘৰৰ ছাবি ক’ত ৰাখিছে সেয়াও কৈছিল পত্নীৰ ভনীয়েকক। তাৰ পিছতে চিপ লৈ আত্মহত্যা কৰে লোকজনে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি