ৱেষ্ট ইণ্ডিজত ইতিহাস ৰচিলে জছপ্ৰীত বুমৰাহে, টেষ্ট ক্ৰিকেটত এই অভিলেখ গঢ়া প্ৰথম ভাৰতীয় বলাৰ

বুমৰাহে এতিয়ালৈ ১১খন টেষ্ট মেচ খেলিছে আৰু গুৰুত্বপূৰ্ণ কথাটো হ’ল বুমৰাহে এই কৃতিত্ব এই চাৰিওখন দেশত প্ৰথম ভ্ৰমণতে অৰ্জন কৰিছে।

News18-Assam
Updated:August 26, 2019, 7:59 AM IST
ৱেষ্ট ইণ্ডিজত ইতিহাস ৰচিলে জছপ্ৰীত বুমৰাহে, টেষ্ট ক্ৰিকেটত এই অভিলেখ গঢ়া প্ৰথম ভাৰতীয় বলাৰ
বুমৰাহে এতিয়ালৈ ১১খন টেষ্ট মেচ খেলিছে আৰু গুৰুত্বপূৰ্ণ কথাটো হ’ল বুমৰাহে এই কৃতিত্ব এই চাৰিওখন দেশত প্ৰথম ভ্ৰমণতে অৰ্জন কৰিছে।
News18-Assam
Updated: August 26, 2019, 7:59 AM IST
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এণ্টিগা টেষ্টৰ দ্বিতীয় ইনিংছত ৫ উইকেট দখল কৰা ভাৰতীয় বলাৰ জছপ্ৰীত বুমৰাহে ৰচিলে ইতিহাস। বুমৰাহে দ্বিতীয় ইনিংছত ৭ ৰান দি দখল কৰে ৫টা উইকেট। ইয়াৰ লগে লগে টেষ্ট ক্ৰিকেটৰ ইতিহাসত চাৰিখন দেশত অৰ্থাৎ অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজত এটা ইনিংছত ৫টা উইকেট দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বলাৰৰ কৃতিত্ব অর্জন কৰিলে। বুমৰাহে এতিয়ালৈ ১১খন টেষ্ট মেচ খেলিছে আৰু গুৰুত্বপূৰ্ণ কথাটো হ’ল বুমৰাহে এই কৃতিত্ব এই চাৰিওখন দেশত প্ৰথম ভ্ৰমণতে অৰ্জন কৰিছে।

দ্বিতীয় ইনিংছত কাৰ্লোছ ব্ৰেথৱেট, জন কেম্পবেল, ডাৰেন ব্ৰেভ’, শাই হোপ আৰু জেছন হোল্ডাৰ বুমৰাহৰ চিকাৰ হয়। ইয়াৰ ভিতৰত ব্ৰেথৱেটৰ বাদে বাকী চাৰিওজনক ব’ল্ড কৰে বুমৰাহে। ইয়াৰ লগে লগে টেষ্ট ক্ৰিকেটৰ এটা ইনিংছত চাৰিগৰাকী বেটছমেনক ব’ল্ড কৰা প্ৰথম ভাৰতীয় বলাৰৰ কৃতিত্বও অৰ্জন কৰে বুমৰাহে।

বিগত মাহত ইংলেণ্ডত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটতো বাংলাদেশৰ বিৰুদ্ধে খেলত বুমৰাহে চাৰিজন বেটছমেনক ব’ল্ড কৰিছিল আৰু এদিনীয়া ক্ৰিকেটত এই কৃতিত্ব লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় বেগী বলাৰ হিচাপে পৰিচিত হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি