এক সাংঘাতিক ঘটনা। জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেলৈ লক্ষ্য কৰি গুলীচালনা। ঘটনাস্থলীতে ঢলি পৰে ছিনজো আবে। ঘটনাটো সংঘটিত হৈছে জাপানৰ পশ্চিমাঞ্চলৰ নাৰা চহৰত। মূল অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। হাস্পতালত ভৰ্তি কৰোৱা হৈছে ছিনজো আবেক।
ছিনজো আবেৰ এক বক্তৃতা চলি থকাৰ সময়তে হঠাৎ গুলীচালনা কৰে দুৰ্বৃত্তই। মঞ্চৰ ওপৰতে ঢলি পৰে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।