কোৰোণাতংকঃ স্থগিত হ’ব পাৰে ২০২০ টকিঅ’ অলিম্পিক, জাপানী প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিলে অসহায়তা

News18 Assam | News18-Assam
Updated:March 23, 2020, 9:24 AM IST
কোৰোণাতংকঃ স্থগিত হ’ব পাৰে ২০২০ টকিঅ’ অলিম্পিক, জাপানী প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিলে অসহায়তা
আমাৰ হাতত কোনো উপায় নাই, জাপানী প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেই কয়। 

আমাৰ হাতত কোনো উপায় নাই, জাপানী প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেই কয়। 

  • Share this:
টকিঅঃ জাপানী প্ৰধানমন্ত্ৰী প্ৰথমবাৰলৈ সোমবাৰে কয় যে আগন্তুক টকিঅ’ অলিম্পিক পিছুৱাব লগীয়া হ’ব পাৰে। কোৰোণাভাইৰাছ অতিমাৰীৰ ভংয়কৰ ৰূপৰ কাৰণে অলিম্পিক কাৰ্যসূচী সুচাৰুৰূপে পালন কৰাত সমস্যা হোৱাৰ আশংকা প্ৰকাশ কৰিছে শ্বিনজ’ আবেই।

উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে দেওবাৰে কয় যে এক জৰুৰী বৈঠকৰ জৰিয়তে ২০২০ৰ গেমছৰ দৃশ্যপট পৰ্যবেক্ষণ কৰি আছে। ২৪ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া অলিম্পিক গেমছৰ প্ৰাক সময়ত কোৰোণা ভাইৰাছৰ বিশ্বজুৰি সংহাৰক লৈ উদ্বিগ্ন কমিটি।

শ্বিনজ’ আবেই কয় যে বাতিল কৰাটো যিহেতু বিকল্প হ’ব নোৱাৰে গতিকে পৰৱৰ্তী সময়লৈ স্থগিত কৰিবলগীয়া হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে।

“যদি পৰিস্থিতি আৰু জটিল হৈ গৈ থাকে, তেনেহ’লে আমাৰ হাতত এই কাৰ্যসূচী স্থগিত কৰাৰ বাহিৰে বেলেগ একো বিকল্প নাথাকিব।” সংসদত তেওঁ কয়।

আবেই এই বাৰ্তা দেওবাৰে টকিঅ’ গেমছৰ চীফ য়’ছিৰ’ মৰিক প্ৰদান কৰে। ইয়াৰ পিছতে বিষয়টো আইঅ’চি প্ৰেচিডেণ্ট থমাছ বাচৰ দৃষ্টিগোচৰ কৰা হয়।

উল্লেখযোগ্য যে বিভিন্ন ক্ৰীড়াবিদ, সংস্থা আৰু ৰাষ্ট্ৰীয় কমিটিসমূহৰ পৰা অলিম্পিক পিছুৱাই দিবলৈ অনুৰোধ কৰাৰ পিছতো IOC–এ দেওবাৰে আংশিক ‘ইউ টাৰ্ন’ লৈ টকিঅ’ আয়োজকসকলক নিৰ্ধাৰিত তাৰিখতে অলিম্পিক আয়োজন কৰাৰ কথা জনাইছিল।

বৰ্তমান টকিঅ’ ২০২০ৰ আয়োজকসকলে অলিম্পিকৰ কাৰণে বিকল্প তাৰিখক লৈ চৰ্চা আৰম্ভ কৰিছে।

চীনৰ পৰা আৰম্ভ হোৱা অতিমাৰী কোৰোণাৰ কাৰণে এইপৰ্যন্ত বিশ্বত ১৩,০০০ লোকৰ মৃত্যু হৈছে। বৰ্তমান এই ৰোগৰ অভিকেন্দ্ৰ হৈ পৰিছে ইউৰোপ।

দেওবাৰলকৈ জাপানত ৩৭জন লোকৰ কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লগতে কোৰোণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১,০৫৫জনলৈ বৃদ্ধি পাইছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি