• Home
  • »
  • News
  • »
  • world
  • »
  • সপোনৰ চাকৰি: এজন জাপানিজ ব্যক্তি যিয়ে একো নকৰিবলৈ দৰমহা পায়

সপোনৰ চাকৰি: এজন জাপানিজ ব্যক্তি যিয়ে একো নকৰিবলৈ দৰমহা পায়

সাহচৰ্যৰ ব্যৱসায় এতিয়া মৰিমোতোৰ উপাৰ্জনৰ একমাত্ৰ উৎস যাৰ জৰিয়তে তেওঁ পত্নী আৰু সন্তানক পোহপাল দিয়ে।

সাহচৰ্যৰ ব্যৱসায় এতিয়া মৰিমোতোৰ উপাৰ্জনৰ একমাত্ৰ উৎস যাৰ জৰিয়তে তেওঁ পত্নী আৰু সন্তানক পোহপাল দিয়ে।

সাহচৰ্যৰ ব্যৱসায় এতিয়া মৰিমোতোৰ উপাৰ্জনৰ একমাত্ৰ উৎস যাৰ জৰিয়তে তেওঁ পত্নী আৰু সন্তানক পোহপাল দিয়ে।

  • Share this:
চ’জি মৰিমোতোৱে কৰা চাকৰি বহুতৰে বাবে এটা সপোনৰ চাকৰি কাৰণ তেওঁ একো নকৰাকৈ দৰমহা পায়।

টকিঅ’ৰ নিৱাসী ৩৮ বৰ্ষীয় চ’জিয়ে গ্ৰাহকক এজন সংগী হিচাপে সময় দিয়াৰ বাবে প্ৰতি ঘণ্টাত ১০,০০০ য়ান (প্ৰায় ৫,৬০০ টকা) মাচুল গ্ৰহণ কৰে।

সংবাদ সংস্থা ৰয়টাৰক মৰিমোতোৱে কয় যে তেখেতে নিজকে ভাড়াত দিয়ে। গ্ৰাহকসকলে তেওঁক য'তেই বিচাৰে তাত থকা আৰু বিশেষকৈ একো নকৰাটোৱেই তেওঁৰ কাম যিয়ে বিগত চাৰি বছৰত প্ৰায় ৪,০০০ গ্ৰাহকক সংগ দিয়া, কথা পতাৰ কাম কৰিছে।

মৰিমোতোৰ এতিয়ালৈ টুইটাৰত প্ৰায় এক নিযুত অনুসৰণকাৰীৰ আছে য'ত তেখেতে বেছিভাগ গ্ৰাহকক বিচাৰি পায়। তেওঁৰ গ্ৰাহকসকলৰ প্ৰায় এক চতুৰ্থাংশ পুনৰাবৃত্তি গ্ৰাহক যাৰ ভিতৰত এজনে তেওঁক বৰ্তমানলৈ ২৭০ বাৰ নিয়োগ কৰিছে।

এই চাকৰিত তেওঁক এজন ব্যক্তিয়ে এখন পাৰ্কলৈ লৈ যায় যিয়ে চি-চ'ত খেলিব বিচাৰিছিল। তেওঁ এজন সম্পূৰ্ণ অচিনাকি ব্যক্তিক ৰে'লৰ খিৰিকীৰ মাজেৰে হাত জোকাৰিছিল যিয়ে কোনোবাই বাই কৰাতো বিচাৰিছিল।

একো নকৰাৰ অৰ্থ এইটো নহয় যে মৰিমোতোৱে সকলো কামে কৰিব। এবাৰ তেওঁ ফ্ৰিজ এটা স্থানান্তৰ কৰি কম্বোডিয়ালৈ যোৱাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। তেখেতে যৌন প্ৰকৃতিৰ কোনো ধৰণৰ অনুৰোধ গ্ৰহণ নকৰে বুলিও প্ৰকাশ কৰিছে।

বিগত সপ্তাহত মৰিমোতোৱে শাৰী পিন্ধা এগৰাকী ২৭ বছৰীয়া ডাটা বিশ্লেষক অৰুণা চিদাৰ লগত চাহ আৰু কেক খাই কথোপকথন কৰি সময় অতিবাহিত কৰিছিল। দৰাচলতে, চিদাই ভাৰতীয় পোছাক ৰাজহুৱাকৈ পিন্ধিব বিচাৰিছিল কিন্তু চিন্তিত আছিল যে এনে কৰিলে তাইৰ বন্ধুবৰ্গক বিব্রত কৰিব পাৰে। গতিকে চিদাই সাহচৰ্যৰ বাবে মৰিমোতোক মাতিছিল।

জানিব পৰা মতে মৰিমোতোৱে তেওঁৰ এই কামটো আৰম্ভ কৰাৰ আগতে এটা প্ৰকাশন প্ৰতিষ্ঠানত কাম কৰিছিল আৰু প্ৰায়ে একো নকৰাৰ বাবে চাকৰিৰ পৰা তেওঁক প্ৰত্যাখ্যান কৰা হৈছিল।

তেওঁ কয় যে প্ৰথমতে তেখেতে ভাবিছিল যে যদি তেওঁ 'একো নকৰাৰ' সামৰ্থ্যতা গ্ৰাহকসকলক সেৱা হিচাপে প্ৰদান কৰে তেন্তে কি হ'ব। পাছত তেওঁ 'একো নকৰাৰ'টোৱে কাম হিচাপে কৰাৰ সিদ্ধান্ত লয়।

সাহচৰ্যৰ ব্যৱসায় এতিয়া মৰিমোতোৰ উপাৰ্জনৰ একমাত্ৰ উৎস যাৰ জৰিয়তে তেওঁ পত্নী আৰু সন্তানক পোহপাল দিয়ে। তেখেতে যদিও নিজৰ উপাৰ্জন কথা প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছিল কিন্তু তেওঁ দিনে প্ৰায় এজন বা দুজন গ্ৰাহকক লগ কৰে যি মহামাৰীৰ আগত দিনত তিনি বা চাৰিজন আছিল বুলি জনায়।

"মানুহে ভাবে যে মোৰ 'একো নকৰা' মূল্যৱান কিয়নো ই উপযোগী (আনৰ বাবে) ... কিন্তু সঁচাকৈয়ে একো নকৰাটো ভাল। মানুহে কোনো নিৰ্দিষ্ট ধৰণে উপযোগী হ'ব নালাগে।" তেওঁ কয়।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি