জোনবাইৰ দেশলৈ যাবলৈ এগৰাকী ধুনীয়া গাৰ্লফ্ৰেণ্ড লাগে এইগৰাকী আৰবপতিক, দিলে বিজ্ঞাপনো

News18 Assam | News18-Assam
Updated:January 13, 2020, 2:23 PM IST
জোনবাইৰ দেশলৈ যাবলৈ এগৰাকী ধুনীয়া গাৰ্লফ্ৰেণ্ড লাগে এইগৰাকী আৰবপতিক, দিলে বিজ্ঞাপনো
মায়েজাৱাৰ প্ৰেমিকা হ’বৰ বাবে ছোৱালীৰ বয়স ২০ বছৰতকৈ অধিক হ’ব লাগিব। ছোৱালীজনী অত্যন্ত ধুনীয়া আৰু কোনো প্ৰেমৰ সম্পৰ্কত থাকিব নালাগিব।

মায়েজাৱাৰ প্ৰেমিকা হ’বৰ বাবে ছোৱালীৰ বয়স ২০ বছৰতকৈ অধিক হ’ব লাগিব। ছোৱালীজনী অত্যন্ত ধুনীয়া আৰু কোনো প্ৰেমৰ সম্পৰ্কত থাকিব নালাগিব।

  • Share this:
জাপানৰ প্ৰখ্যাত আৰবপতি আৰু অনলাইন ফেশ্বন ৰিটেইলাৰ ZOZOৰ CEO য়ুছাকু মায়েজাৱা চন্দ্ৰলৈ যাবলগীয়া বিশ্বৰ প্ৰথমগৰাকী পৰ্যটক হ’ব। শীঘ্ৰে তেওঁ আমেৰিকাৰ ব্যক্তিগত স্পেচ কোম্পানী ‘স্পেচএক্স ৰকেট’ৰ সহায়ত চন্দ্ৰ যাত্ৰালৈ যাব। কিন্তু য়ুছাকু মায়েজাৱাই চন্দ্ৰ ভ্ৰমণলৈ অকলে যাব খোজা নাই। এই অনন্য আৰু ৰোমাঞ্চকৰ যাত্ৰাৰ বাবে তেওঁ এগৰাকী গাৰ্লফ্ৰেণ্ডৰ সন্ধানত আছে। ইয়াৰ বাবে তেওঁ প্ৰকাশ কৰিছে অনলাইন বিজ্ঞাপনো।

য়ুছাকু মায়েজাৱাই শেহতীয়াকৈ এগৰাকী জাপানী অভিনেত্ৰীৰ সৈতে ব্ৰেকআপৰ কথা নিশ্চিত কৰিছিল। এতিয়া পুনৰ তেওঁ সম্পৰ্ক গঢ়াৰ বাবে প্ৰস্তুত হৈছে। চন্দ্ৰ যাত্ৰা অধিক ৰোমাঞ্চকৰ কৰি তুলিবলৈ ইণ্টাৰনেটত যিটো বিজ্ঞাপন দিছে, সেই অনুসৰি মায়েজাৱাৰ প্ৰেমিকা হ’বৰ বাবে ছোৱালীৰ বয়স ২০ বছৰতকৈ অধিক হ’ব লাগিব। ছোৱালীজনী অত্যন্ত ধুনীয়া আৰু কোনো প্ৰেমৰ সম্পৰ্কত থাকিব নালাগিব।

এটা টিভি শ্ব’ত য়ুছাকু মায়েজাৱাই কয় যে জীৱনৰ এই সময়ছোৱাত মই অকলশৰীয়া অনুভৱ কৰিছিলো। সেইবাবে চন্দ্ৰ ভ্ৰমণৰ সিদ্ধান্ত লৈছো। সৰুকালৰে পৰা চন্দ্ৰৰ প্ৰতি মোৰ আকৰ্ষণ আছে। এয়া মোৰ জীৱনৰ এক সপোন।

কি লিখিছে বিজ্ঞাপনত?
বিজ্ঞাপনত মায়েজাৱাই লিখিছে – ‘মই যিদৰে বিচাৰিছিলো, এতিয়ালৈ সেইদৰেই জীৱন কটাইছো। আগলৈও এইদৰেই থাকিব বিচাৰো।’ তিনি সন্তানৰ পিতৃ মায়েজাৱাই আগলৈ লিখিছে – ‘মই বৰ্তমান ৪৪ বছৰীয়া। লাহে লাহে মোৰ ভিতৰত এক শূন্যতা আৰু অকলশৰীয়া অনুভৱ কৰিছো। জীৱনৰ শূন্যতা দূৰ কৰিবলৈ এগৰাকী মহিলাৰ মৰম প্ৰয়োজন।’ নিজৰ বিজ্ঞাপনটোক লৈ এটা টুইটো কৰিছে মায়েজাৱাই।



আবেদনৰ অন্তিম তাৰিখ কেতিয়া?

য়ুছাকু মায়েজাৱাৰ প্ৰেমিকা হ’বৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ ১৭ জানুৱাৰী ২০২০। ইয়াৰ পিছত শ্বৰ্টলিষ্ট কৰা যুৱতীসকলৰ সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব। তাৰ পিছত নিৰ্বাচিত হ’ব য়ুছাকুৰ প্ৰেমিকা।

কেতিয়া হ’ব চন্দ্ৰ যাত্ৰা?
য়ুছাকু মায়েজাৱাই ২০২৩ চনৰ নৱেম্বৰ–ডিচেম্বৰত চন্দ্ৰ যাত্ৰালৈ যাব। ইয়াৰ বাবে প্ৰস্তুতি চলাইছে SpaceX কোম্পানীয়ে। মায়েজাৱাই এই যাত্ৰাত শিল্পীকো নিব বিচাৰিছে। অৱশ্যে এই গৌৰৱৰ অধিকাৰী হোৱাৰ বাবে কিমান টকা খৰচ কৰিছে সেয়া জানিব পৰা হোৱা নাই।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading