১০ বছৰ ধৰি মহিলাই ফ্ৰীজত লুকুৱাই থ'লে মাতৃৰ মৃতদেহ, কাৰণ জানিলে আচৰিত হ'ব

জাপানৰ মহিলাগৰাকীৰে কয় যে, মাতৃৰ মৃত্যু হোৱা বুলি জানিলে তেওঁক ঘৰৰ পৰা উলিয়াই দিব, গতিকে সেই ভয়তে মাতৃৰ মৃতদেহ লুকুৱাই থ'লে ফ্ৰীজত।
জাপানৰ মহিলাগৰাকীৰে কয় যে, মাতৃৰ মৃত্যু হোৱা বুলি জানিলে তেওঁক ঘৰৰ পৰা উলিয়াই দিব, গতিকে সেই ভয়তে মাতৃৰ মৃতদেহ লুকুৱাই থ'লে ফ্ৰীজত।
- News18 Assam
- Last Updated: January 31, 2021, 2:32 PM IST
৪৮ বছৰীয়া মহিলাগৰাকীয়ে এটা বিশেষ কাৰণত লুকুৱাই থৈছিল মাতৃৰ মৃতদেহ। মহিলাগৰাকীয়ে জনোৱা মতে, তেওঁৰ মাতৃৰ মৃত্যু হোৱা বুলি জানিলে তেওঁক ঘৰৰ পৰা উলিয়াই দিব বুলি তেওঁ ভয় কৰিছিল। গতিকে সেই ভয়তে ১০ বছৰ ধৰি মৃত মাতৃক লুকুৱাই ৰাখিছিল মহিলাগৰাকীয়ে।যোৱা বুধবাৰে এই ঘটনা পোহৰলৈ আহে। পিছত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।
য়ুচিন' নামৰ মহিলাগৰাকীয়ে পিছত আৰক্ষীৰ আগত স্বীকাৰ কৰে এই কথা। মৃত্যুৰ সময়ত মহিলাগৰাকীৰ বয়স আছিল প্ৰায় ৬০ বছৰ। জানুৱাৰী মাহত ঘৰৰ ভাড়া নিদিয়াৰ বাবে ঘৰ খালী কৰিবলৈ য়ুচিন'ক নিৰ্দেশ দিছিল মালিকে। আৰু পিছত ঘৰ চাফা কৰিবলৈ অহা এজন যুৱকে ফ্ৰীজত মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে আৰু তেতিয়াই ৰহস্য ওলাই পৰে।