সপ্তাহত কৰ্মদিন মাত্ৰ চাৰিটা, বন্ধ তিনিদিন, ফলাফলে আচৰিত কৰিলে কোম্পানীক

কম দিন কাম কৰিবলৈ পোৱা কৰ্মচাৰীসকলৰ উৎপাদন ক্ষমতা বিগত বছৰতকৈ ৪০শতাংশ বৃদ্ধি পাইছে।

News18-Assam
Updated:November 5, 2019, 5:19 PM IST
সপ্তাহত কৰ্মদিন মাত্ৰ চাৰিটা, বন্ধ তিনিদিন, ফলাফলে আচৰিত কৰিলে কোম্পানীক
কম দিন কাম কৰিবলৈ পোৱা কৰ্মচাৰীসকলৰ উৎপাদন ক্ষমতা বিগত বছৰতকৈ ৪০শতাংশ বৃদ্ধি পাইছে।
News18-Assam
Updated: November 5, 2019, 5:19 PM IST
মাইক্ৰ’ছফট কোম্পানীয়ে নিজৰ জাপান ইউনিটৰ কৰ্মচাৰীসকলক যোৱা আগষ্ট মাহত সপ্তাহত তিনিদিন বন্ধ প্ৰদান কৰি মাত্ৰ চাৰিদিন কাম কৰাৰ সুযোগ প্ৰদান কৰিছিল। ইয়াৰ পৰিণতিয়ে কোম্পানীটোক এতিয়া আচৰিত কৰি তুলিছে। কম দিন কাম কৰিবলৈ পোৱা কৰ্মচাৰীসকলৰ উৎপাদন ক্ষমতা বিগত বছৰতকৈ ৪০শতাংশ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে জাপান হৈছে কৰ্মচাৰীসকলক অত্যাধিক কামত খটুওৱা দেশৰ অন্যতম আৰু মাইক্ৰ’ছফট কোম্পানীয়ে নিজৰ জাপানী কৰ্মচাৰীসকলক সপ্তাহত মাত্ৰ চাৰিটা দিন কাম কৰিবলৈ কৈ শুকুৰবাৰ, শণিবাৰ আৰু দেওবাৰে বন্ধ দিয়াৰ বাবে উৎপাদনক্ষমতা তড়িৎ গতিত বৃদ্ধি পায়। লগতে কাৰ্যালয়টোত ৫৯শতাংশ কাগজৰ ব্যৱহাৰ কমি যায়, বিজুলীৰ খৰছ ২৩শতাংশ কমি যায়, কোনো মিটিং ৩০মিনিটতকৈ অধিক নচলিল আৰু ইমেইলৰ প্ৰত্যুত্তৰো খৰটকীয়া হৈ পৰে। যিবোৰ কাম আগতে পিছত কৰাৰ অজুহাতত পেলাই থোৱা হৈছিল সেইবোৰ কাম যিমান সোনকালে পাৰে সকলোৱে শেষ কৰিবলৈ আৰম্ভ কৰে। মুঠতে ৯৪শতাংশ কৰ্মচাৰী এই নতুন পলিচীত সুখী হোৱা দেখা যায়।

উল্লেখযোগ্য যে সপ্তাহত কৰ্মদিন চাৰিটালৈ হ্ৰাস কৰাক লৈ বিশ্বৰ বিভিন্ন প্ৰান্তত এক আন্দোলন গঢ়ি উঠিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি