জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেৰ মৃত্যু। শুকুৰবাৰে পুৱা দুৰ্বৃত্তৰ গুলীত গুলীবিদ্ধ হৈছিল আবে। ঘটনাস্থলীতে ঢলি পৰা আবেক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে হত্যাকাৰী। জেৰাত আততায়ী সম্পৰ্কে ৮টা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে, যিয়ে আচৰিত কৰি তুলিব আপোনাক।
সংবাদ সূত্ৰে জনা গৈছে যে যিজন আততায়ীয়ে শ্বিনজ’ আবেক গুলীয়াইছিল তেওঁৰ নাম টেটছুৱা য়ামাগামি।
জাপানৰ স্থানীয় সময় অনুসৰি পুৱা ১১ বজাত নাৰা চহৰত এক কাৰ্যসূচীত বক্তৃতা প্ৰদান কৰিছিল আবেই। সেই সময়তে গুলীচালনা কৰে আততায়ীজনে। শ্বিনজ’ৰ পৰা মাত্ৰ ১০ ফুট দূৰত আছিল আততায়ী।গুলীচালনাৰ পিছতো পলায়নৰ চেষ্টা কৰা নাছিল আততায়ীয়ে।
বৰ্তমান নাৰা নিশি আৰক্ষী থানাত জেৰা কৰা হৈছে শ্বিনজ’ৰ হত্যাকাৰীক। জেৰাত তেওঁৰ স্পষ্ট স্বীকাৰোক্তি, হত্যা কৰাৰ উদ্দেশ্যেই চলাইছিল গুলী।
আৰক্ষীক টেটছুৱা য়ামাগামিয়ে জনাইছে, শ্বিনজ’ৰ প্ৰতি অসন্তুষ্ট আছিল তেওঁ, সেয়ে হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।
নিজেই বনোৱা বন্দুকেৰে গুলীচালনা কৰিছিল আততায়ীয়ে। বন্দুকটো শ্বটগান।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|