আনৰ পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰি বিপদত মহিলা! মহিলাগৰাকীৰ স্বামীক দিব লাগিব ৭০ হাজাৰ টকাৰ জৰিমনা!

৩৭ বছৰীয়া মহিলাগৰাকীক তেওঁ যৌন সম্পৰ্ক স্থাপন কৰা মহিলাগৰাকীৰ স্বামীক এই ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।
৩৭ বছৰীয়া মহিলাগৰাকীক তেওঁ যৌন সম্পৰ্ক স্থাপন কৰা মহিলাগৰাকীৰ স্বামীক এই ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।
- News18 Assam
- Last Updated: March 25, 2021, 11:02 AM IST
৩৯ বছৰীয়া এজন ব্যক্তিয়ে মহিলাগৰাকীৰ বিৰুদ্ধে তেওঁৰ পত্নীৰ সৈতে যৌন কাৰ্যত জড়িত থকাৰ অভিযোগ কৰি গোচৰ ৰুজু কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে, দুয়োগৰাকী মহিলাই এজনীয়ে আনজনীক অনলাইনত লগ পাইছিল।
লক্ষণীয় দিশটো হ’ল যে এই অভিযোগৰ পিছতে অভিযুক্ত মহিলাগৰাকীয়ে আদালতত যুক্তি দৰ্শাইছিল যে আন মহিলাগৰাকীৰ সৈতে তেওঁৰ শাৰীৰিক সম্পৰ্কই তেওঁলোকৰ বিবাহত কোনো প্ৰভাৱ নেপেলায় আৰু ইয়ে অবিশ্বাস নজন্মায়। ইচ্ছা কমাবলৈ কৰা এটা কামে বিবাহত অবিশ্বাস নজন্মায় বুলি উল্লেখ কৰে যদিও আদালতে অভিযোগকাৰীক জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে অভিযুক্ত মহিলাগৰাকীক ৷
লগতে ন্যায়াধীশগৰাকীয়ে কৈছিল এনেদৰে "এহাল সমলিংগৰ দম্পতী হৈছে দুগৰাকী লোকৰ মাজত হোৱা এক চুক্তি, আৰু সেই ভিত্তিতে ক'ব পাৰি যে আইনীভাৱে বিবাহিত দুগৰাকী বিপৰীত লিংগৰ দম্পতীয়ে গ্ৰহণ কৰা বিশ্বাসৰ দায়বদ্ধতা এওঁলোকেও পালন কৰিব লাগে।"
উল্লেখ্য যে বিগত সপ্তাহত, জাপানৰ এখন আদালতে সমলিংগৰ বিবাহক বাধা প্ৰদান কৰাটো অসাংবিধানিক হিচাপে ঘোষণা কৰিছিল আৰু এই ৰায় জাপানত চলি থকা পাঁচটা একে ধৰণৰ গোচৰৰ ওপৰত ভিত্তি কৰি আছিল। এই সিদ্ধান্তই আন ঘটনাবোৰক প্ৰভাৱিত কৰাৰ এক উদাহৰণ স্থাপন কৰিব পাৰে, কিন্তু সমলিংগৰ বিবাহত অনুমতি ৰখাৰ বাবে এক নতুন আইনৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে যিয়ে কিছু সময় লোৱাৰ সম্ভাৱনা আছে। যদিও ৰাজহুৱা চিন্তা সলনি হৈছে। আচাহী শিমবুনৰ এক গণনাত ৬৫% উত্তৰদাতাই এই নিয়মক সমৰ্থন কৰিছিল।