ভাৰতীয় সেনাই ব্যৰ্থ কৰিলে পাকিস্তান সেনাৰ নিকৃষ্ট ষড়যন্ত্ৰ, সীমান্তত নিহত ৭ সন্ত্ৰাসবাদী!

BAT–এ অমৰনাথ যাত্ৰাৰ সময়ত কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যে জইছ–ই–মহম্মদ আৰু লস্কৰ–ই–তৈবাৰ সন্ত্ৰাসবাদীক কেৰন ছেক্টৰেৰে ভাৰতলৈ পঠিওৱাৰ পৰিকল্পনা কৰিছিল।

News18-Assam
Updated:August 4, 2019, 8:52 AM IST
ভাৰতীয় সেনাই ব্যৰ্থ কৰিলে পাকিস্তান সেনাৰ নিকৃষ্ট ষড়যন্ত্ৰ, সীমান্তত নিহত ৭ সন্ত্ৰাসবাদী!
FILE PHOTO
News18-Assam
Updated: August 4, 2019, 8:52 AM IST
পাকিস্তান সেনাৰ আটাইতকৈ দুৰ্ধৰ্ষ স্কোৱাড বৰ্ডাৰ একচন টীম (BAT)ৰ ষড়যন্ত্ৰত চেঁচাপানী ঢালিলে ভাৰতীয় সেনাই। জানিব পৰা মতে, ৩১ জুলাইৰ নিশা জম্মু–কাশ্মীৰৰ কেৰন ছেক্টৰত সন্ত্ৰাসবাদীৰ এটা দলক ভাৰতৰ সীমাত প্ৰৱেশ কৰোৱাৰ চেষ্টা চলাইছিল বৰ্ডাৰ একচন টীমে। কাশ্মীৰক অশান্তিজৰ্জৰ কৰি তোলাৰ এই প্ৰচেষ্টা ব্যৰ্থ কৰিলে ভাৰতীয় সেনাই। ভাৰতীয় সেনাৰ গুলীত নিহত হয় ৫ৰ পৰা ৭টা সন্ত্ৰাসবাদী।  CNN News18–এ নিহত সন্ত্ৰাসবাদীকেইটাৰ ফটো লাভ কৰিছে যদিও বৰ্তমানো চিনাক্ত কৰিব পৰা হোৱা নাই।

ভাৰতীয় সেনাৰ সূত্ৰৰ পৰা NCC News18–এ লাভ কৰা তথ্য অনুসৰি, BAT–এ অমৰনাথ যাত্ৰাৰ সময়ত কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যে জইছ–ই–মহম্মদ আৰু লস্কৰ–ই–তৈবাৰ সন্ত্ৰাসবাদীক কেৰন ছেক্টৰেৰে ভাৰতলৈ পঠিওৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু ভাৰতীয় সেনাই পাকিস্তানৰ এই নিকৃষ্ট অভিপ্ৰায় পূৰণ হ’বলৈ নিদিলে।



ভাৰতীয় সেনাৰ হাতত এতিয়ালৈ ৫ৰ পৰা ৭টা সন্ত্ৰাসবাদী নাইবা BATৰ সৈনিকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। চাৰিটা মৃতদেহ পাকিস্তানৰ চকীৰ সমীপত প্ৰত্যক্ষ কৰা হৈছে। মৃতদেহকেইটা সন্ত্ৰাসবাদী নাইবা পাকিস্তানী SSGৰ কমাণ্ডোৰ হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। ভাৰতীয় সেনাই আৰু অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হোৱাৰ কথাও অস্বীকাৰ কৰা নাই। পাকিস্তানী সেনাই মৃতদেহকেইটা উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।



জানিব পৰা মতে, এই সন্ত্ৰাসবাদীকেইটাই জম্মু–কাশ্মীৰত কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল। অমৰনাথ যাত্ৰাৰ ভক্তও আছিল সন্ত্ৰাসবাদীকেইটাৰ টাৰ্গেট। অমৰনাথ যাত্ৰাৰ পথত উদ্ধাৰ হোৱা স্নাইপাৰ ৰাইফল আৰু লেণ্ডমাইনে ইয়াৰ প্ৰমাণ।



CNN News18ৰ সূত্ৰ অনুসৰি, ভাৰতীয়সেনাই PoKৰ প্ৰায় ৩০ কিলোমিটাৰ ভিতৰত সন্ত্ৰাসবাদীৰ শিবিৰত আক্ৰমণ চলায়। এই আক্ৰমণৰ ফলত নীলম ঝেলম তাপবিদ্যুৎ প্ৰকল্পৰো ক্ষতি হোৱা বুলি সূত্ৰত প্ৰকাশ।



উল্লেখযোগ্য যে নীলম ঝেলম শক্তি প্ৰকল্পৰ পৰা প্ৰায় ৪০০–৫০০ মেগাৱাট বিজুলী উৎপাদন হৱয়। এই প্ৰকল্পৰ পৰাই পাকিস্তানস্থিত পঞ্জাব আৰু সমীপৱৰ্তী আন ৰাজ্যত বিজুলীৰ যোগান ধৰা হয়। যদি এই প্ৰকল্পটোৰ অধিক ক্ষতি হৈছে তেন্তে পাকিস্তানৰ এটা বৃহৎ অংশ আন্ধাৰত ডুব যোৱাৰো আশংকা আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি