কিডনীৰ ৰোগত আক্ৰান্ত জইছ–ই–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ, ভাতৃয়ে চম্ভালিছে সন্ত্ৰাসবাদৰ কাৰখানা!

News18-Assam
Updated:September 10, 2019, 11:07 AM IST
কিডনীৰ ৰোগত আক্ৰান্ত জইছ–ই–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ, ভাতৃয়ে চম্ভালিছে সন্ত্ৰাসবাদৰ কাৰখানা!
শেহতীয়াকৈ এক সূত্ৰত প্ৰকাশ পাইছিল যে ইমৰাণ খান চৰকাৰে মাছুদ আজহাৰক কাৰাগাৰৰ পৰা মুকলি কৰি দিছে।

শেহতীয়াকৈ এক সূত্ৰত প্ৰকাশ পাইছিল যে ইমৰাণ খান চৰকাৰে মাছুদ আজহাৰক কাৰাগাৰৰ পৰা মুকলি কৰি দিছে।

  • News18 Assam
  • Last Updated: September 10, 2019, 11:07 AM IST
  • Share this:
পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জইছ–ই–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক লৈ বিভিন্ন ধৰণৰ খবৰ ওলাইছে। বিভিন্ন সংবাদ মাধ্যমে উত্থাপন কৰিছে বিভিন্ন দাবী। শেহতীয়াকৈ এক সূত্ৰত প্ৰকাশ পাইছিল যে ইমৰাণ খান চৰকাৰে মাছুদ আজহাৰক কাৰাগাৰৰ পৰা মুকলি কৰি দিছে। এতিয়া মাছুদ আজহাৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত বুলিও কোৱা হৈছে। অসুস্থতাৰ বাবে মাছুদে জইছ–ই–মহম্মদৰ কাম–কাজ চোৱাচিতা কৰিব পৰা নাই। ফলত তেওঁৰ ভাতৃ আব্দুল ৰউফ আজগৰে চম্ভালিছে জইছৰ দায়িত্ব।

এই তথ্য প্ৰকাশ কৰিছে ইংৰাজী বাতৰি কাকত ‘টাইম্ছ অব ইণ্ডিয়া’ই। এই প্ৰতিবেদনত সূত্ৰৰ উদ্ধৃতি দি কোৱা হৈছে যে মাছুদ আজহাৰ কিডনীৰ ৰোগৰে যুঁজি আছে। অসুস্থতাৰ বাবে মাছুদে চোৱাচিতা কৰিব পৰা নাই জইছৰ কাম–কাজ। কনিষ্ঠ ভাতৃয়ে চম্ভালিছে সকলো দায়িত্ব। সূত্ৰ অনুসৰি পাকিস্তানৰ বহাৱলপুৰত জইছৰ দুটা মূল ঠিকনা আছে – মৰকজ উছমান–অ’–আলী আৰু মৰকজ সুভান আল্লাহ। ইয়াৰ পৰাই সকলো অভিযান চোৱাচিতা কৰিছে ৰউফে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি