• Home
  • »
  • News
  • »
  • world
  • »
  • Taliban-pakistan: আফগানিস্তানৰ পিছত বিশ্বজয়ৰ সপোন তালিবান আৰু পাকিস্তানৰ, ভাৰততো কূটাঘাটৰ পৰিকল্পনা

Taliban-pakistan: আফগানিস্তানৰ পিছত বিশ্বজয়ৰ সপোন তালিবান আৰু পাকিস্তানৰ, ভাৰততো কূটাঘাটৰ পৰিকল্পনা

আফগানিস্থানৰ হাক্কানি নেটৱৰ্কৰ সৈতে সু-সম্পৰ্ক আছে ভাৰত বিৰোধী সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ সৈতে। দুয়োটা সংগঠনে পাকিস্তানৰ সহায়ত ভাৰতত বৃহৎ কূটাঘাটমূলক কাৰ্যকলাপ কৰাৰ বাবে পৰিকল্পনা কৰা বুলি চোৰাংচোৱাৰ হাতত তথ্য আহি পৰিছে।

  • Share this:
আফগানিস্তানত যি ঘটিছিল সেয়া সমগ্ৰ বিশ্বই দেখিলে। কাবুলত ধাৰাবাহিক ফিদায়েইন আক্ৰমণ কৰা হ'ল। শ শ নিৰীহ লোকে প্ৰাণ হেৰুৱালে। একেদৰে, হাজাৰ হাজাৰ লোকৰ মৃতদেহ সমগ্ৰ আফগানিস্তানত সিঁচৰতি হৈ পৰি ৰ'ল আৰু সমগ্ৰ আফগান ভূমি সন্ত্ৰাস, মৌলবাদৰ দ্বাৰা শাসিত হ'ল। এইয়া তালিবানৰ নিখুত পৰিকল্পনা  আছিল য'ত তালিবান সফল হ'ল। কিন্তু তালিবানৰ জঘন্য কাৰ্যসূচীৰ সফলতাৰ আঁৰত পাকিস্তান, পাকিস্তানৰ মৌলবাদী চৰকাৰ, সেনা আৰু ফিদায়েইন সন্ত্ৰাসবাদী গোট আছিল।

পাকিস্তানৰ ফিদায়েইন সন্ত্ৰাসবাদী কাৰখানা লাল মছজিদৰ মৌলান আব্দুল আজিজে সদম্ভে ইয়াক স্বীকাৰো কৰিছে যিটো ভাৰতৰ বাবে অতিশয় চিন্তাৰ বিষয়। মৌলানাৰ স্বীকাৰোক্তি ভাৰতৰ বাবেও চিন্তাৰ বিষয়, কাৰণ মৌলানাই কৈছে যে আফগানিস্তান কেৱল এটা উদাহৰণহে । পাকিস্তানী ফিদায়েইন সন্ত্ৰাসবাদীৰ উদ্দেশ্য ইয়াতকৈও ভয়ংকৰ।  পাকিস্তানৰ লাল মছজিদত মৌলানা আব্দুল আজিজে দিয়া বিস্ফোৰক ভাষ্য অনুসৰি,  পাকিস্তানত এতিয়াও এনে হাজাৰ হাজাৰ ফিদায়েইন আছে যিবোৰত মাত্ৰ ১০০ জন ফিদায়েইনেই যিকোনো সময়তে বিশ্বৰ যিকোনো দেশত সন্ত্ৰাস বিয়পাবলৈ সক্ষম।

লাল মছজিদৰ মৌলানা আব্দুল আজিজে দিয়া বক্তব্য অনুসৰি, "মাত্ৰ ৯ দিনত সমগ্ৰ আফগানিস্থান  তালিবানে জয় কৰিব বুলি কোনেও ভাবিব পৰা নাছিল। কিন্তু ইনছাআল্লা, সেয়া সকলোৱে দেখিলে। এতিয়া আল্লাৰ ইচ্ছাত আমি প্ৰথমে তাজিকিস্তান, উজবেকিস্তান, তুৰ্কমেনিস্তান আৰু চৌদি আৰৱ, আদি  ইছলামিক দেশবোৰ জয় কৰিম।  তাৰ পিছত আমাৰ লক্ষ্য  আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু স্পেইন আৰু এই সকলোবোৰ অঞ্চল ইনছাআল্লা ইছলামিক শাসনৰ দ্বাৰা শাসিত হ'ব।"

পাকিস্তানৰ এইগৰাকী প্ৰবক্তাৰ অকপট স্বীকাৰোক্তিয়ে চিৰবৈৰী ৰাষ্ট্ৰখনৰ উদ্দেশ্য সকলোকে বুজাই দিছে। কিন্তু ইয়াৰ মাজতে চোৰাংচোৱাৰ এক খবৰে চিন্তিত কৰি তুলিছে ভাৰতকো। কাৰণ আফগানিস্থানৰ হাক্কানি নেটৱৰ্কৰ সৈতে সু-সম্পৰ্ক আছে ভাৰত বিৰোধী সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ সৈতে। এই দুয়োটা সংগঠনক পাকিস্তানে ভাৰতত অশান্তি বিয়পাবলৈ সদায় অস্ত্ৰ আৰু ধনৰ যোগান ধৰি আহিছে। শেহতীয়া ভাৱে এই দুয়োটা সংগঠনে পাকিস্তানৰ সহায়ত ভাৰতত বৃহৎ কূটাঘাটমূলক কাৰ্যকলাপ কৰাৰ বাবে পৰিকল্পনা কৰা বুলি চোৰাংচোৱাৰ হাতত তথ্য আহি পৰিছে। সংগঠন দুটাই আফগানিস্থানৰ বিজয়ৰ উদাহৰণ দি কাশ্মীৰৰ যুৱপ্ৰজন্মক সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষিত কৰাৰো চেষ্টা কৰিছে। সেয়ে এতিয়া তালিবান ভাৰতৰ প্ৰতিও হৈ পৰিছে চিন্তাজনক।
Published by:Manjumoni Borah
First published: