• Home
  • »
  • News
  • »
  • world
  • »
  • Jackie Chan: অচিৰেই চীনৰ কমিউনিষ্ট পাৰ্টী CPCত যোগ দিব হলীউড ষ্টাৰ জেকী চানে। দলৰ শতবৰ্ষৰ সময়তে জেকী চানৰ ঘোষণা।

Jackie Chan: অচিৰেই চীনৰ কমিউনিষ্ট পাৰ্টী CPCত যোগ দিব হলীউড ষ্টাৰ জেকী চানে। দলৰ শতবৰ্ষৰ সময়তে জেকী চানৰ ঘোষণা।

Jackie chan

Jackie chan

"হং কং আৰু চীন মোৰ জন্মভূমি আৰু মোৰ গৃহভূমি। মই নিজকে চীন দেশৰ নাগৰিক হিচাপে চিনাকী দি ভালপাওঁ। গোটেই বিশ্বতে চীনৰ ৰঙা পতাকাৰ সন্মান আছে।"

  • Share this:
হলীউড বিখ্যাত ষ্টাৰ তথা মাৰ্ছেল আৰ্ট আইকন জেকী চানে অচিৰেই যোগদান কৰিব কমিউনিষ্ট পাৰ্টী অৱ চাইনা (Communist Party of China (CPC)ত। সমগ্ৰ বিশ্বতে বৃহৎ সংখ্যক অনুৰাগী থকা আৰু সমাজত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিব পৰা ব্যক্তিত্বৰ অধিকাৰী জেকা চানে অলপতে তেওঁৰ এই ইচ্ছাৰ কথা প্ৰকাশ কৰে। হং কঙৰ বাসিন্দা ৬৭ বছৰীয়া জেকী চানে শেহতীয়াকৈ হংকঙত গণতন্ত্ৰকামী প্ৰতিবাদকাৰীৰ ওপৰত চীন সৈন্যই চলোৱা দমনমূলক নীতিক সমৰ্থন কৰাৰ বাবে বিশ্বজুৰি ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল।

বৃহস্পতিবাৰে বেইজিঙত অনুষ্ঠিত হৈছিল এক আলোচনা সত্ৰ। য'ত যোৱা ১ জুলাইত CPCৰ শতবৰ্ষ উদযাপন সমাৰোহত ৰাষ্ট্ৰপতি জিমপিঙে দিয়া ভাষণ সন্দৰ্ভত আলোচনা কৰা হৈছিল। সেই সময়তে জেকী চানে CPCত যোগদান কৰাৰ তেওঁৰ আগ্ৰঙৰ কথা ৰৰাজহুৱা কৰে।

চীনৰ চৰকাৰী বাতৰিকাকত গ্লোবেল টাইমছ (Global Times)ত প্ৰকাশিত বাতৰিত জেকী চানৰ উদ্ধৃতি দিয়া হৈছেএইদৰে, "মই CPCৰ মহানতাক উপলব্ধি কৰিব পাৰিছোঁ আৰু ই যি কৈছে সেয়া বাস্তৱায়িত কৰিবই, আনকি যি প্ৰতিশ্ৰুতি দিছিল সেয়া ১০০ বছৰতকৈ কম, মাত্ৰ কেইটামান দশকতে কৰি দেখুৱালে। মই CPCত যোগদান কৰিব বিচাৰোঁ।"

উল্লেখ্য জেকী চান ইতিমধ্যে CPCৰ Chinese People’s Political Consultative Conference (CPPCC)ৰ এজন উপদেষ্টা। দলটোৱে বিভিন্ন ক্ষেত্ৰৰ পৰা  এই পৰামৰ্শ কমিটীলৈ উল্লেখযোগ্য লোকক মনোনীত কৰে।

১৫০ খনৰো অধিক চিনেমাত অভিনয় কৰা জেকী চান যিদৰে নিজৰ সমৰ কলাৰ বাবে বিখ্যাত একেদৰে কমেডী আৰু চিনেমাত প্ৰত্যুৎপন্নমতিতাৰ বাবেও জনপ্ৰিয়। কিন্তু ২০১৯ চনত হং কঙত হোৱা গণতান্ত্ৰিক আন্দোলনকাৰীৰ বিৰুদ্ধে মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হৈছিল জেকী চান।

হং কঙত  চীনৰ অধিপত্যৰ বিৰুদ্ধে হৈছিল গণতান্ত্ৰিক আন্দোলন। কিন্তু বিগত বৰ্ষত নতুন সুৰক্ষা আইন বলৱৎ কৰি বিশাল সৈন্য বাহিনী লৈ হং কঙত প্ৰতিবাদ মষিমূৰ কৰিছিল চীনে। তেতিয়া জেকী চানে কৈছিল, "হং কং আৰু চীন মোৰ জন্মভূমি আৰু মোৰ গৃহভূমি। মই নিজকে চীন দেশৰ নাগৰিক হিচাপে চিনাকী দি ভালপাওঁ। গোটেই বিশ্বতে চীনৰ ৰঙা পতাকাৰ সন্মান আছে।"
Published by:Manjumoni Borah
First published: