মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Italy Shipwreck: ইটালীত ভয়ংকৰ নাও দুৰ্ঘটনা! কালাব্ৰিয়া উপকূলত অতি কমেও ৫৯ জন প্ৰব্ৰজনকাৰীৰ মৃত্যু

Italy Shipwreck: ইটালীত ভয়ংকৰ নাও দুৰ্ঘটনা! কালাব্ৰিয়া উপকূলত অতি কমেও ৫৯ জন প্ৰব্ৰজনকাৰীৰ মৃত্যু

উপকূলৰক্ষী বাহিনীয়ে জনোৱা মতে ডুব যোৱাৰ পিছত পাৰত উপনীত হ’বলৈ সক্ষম হোৱা কিছুমানকে ধৰি ৮০ জন লোকক জীৱিত অৱস্থাত ইতিমধ্যে উদ্ধাৰ কৰা হৈছে।

উপকূলৰক্ষী বাহিনীয়ে জনোৱা মতে ডুব যোৱাৰ পিছত পাৰত উপনীত হ’বলৈ সক্ষম হোৱা কিছুমানকে ধৰি ৮০ জন লোকক জীৱিত অৱস্থাত ইতিমধ্যে উদ্ধাৰ কৰা হৈছে।

Italy News: কাষৰীয়া এখন সাগৰৰ পাৰৰ ৰিজ’ৰ্টৰ উপকূলৰ পৰা ইতিমধ্যে উদ্ধাৰ কৰা হৈছে বহু মৃতদেহ। সংঘাত আৰু দৰিদ্ৰতাৰ পৰা পলায়ন কৰা বৃহৎ সংখ্যক লোকে প্ৰতি বছৰে আফ্ৰিকাৰ পৰা ইটালীলৈ প্ৰব্ৰজিত হৈ যায়।

  • Share this:

ইটালীৰ কালাব্ৰিয়া অঞ্চলৰ উপকূলীয় চহৰ ক্ৰ’টনৰ সমীপৱৰ্তী স্থানত কমেও ১৫০ জন লোকক লৈ অৱতৰণ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে অতিৰিক্ত বোজা বহন কৰা যাত্ৰীবাহী নাওখন ভাঙি যায়।


উল্লেখযোগ্য যে, ১২টা শিশুকে ধৰি কমেও ৫৯ জন প্ৰব্ৰজনকাৰীৰ মৃত্যু হোৱাৰ লগতে আৰু বহুকেইজন প্ৰব্ৰজনকাৰীৰ নাওখন দক্ষিণ ইটালীৰ সাগৰৰ প্ৰবল জোৱাৰত ডুব যোৱাৰ আশংকা কৰা হৈছে।


কাষৰীয়া এখন সাগৰৰ পাৰৰ ৰিজ’ৰ্টৰ উপকূলৰ পৰা ইতিমধ্যে উদ্ধাৰ কৰা হৈছে বহু মৃতদেহ। সংঘাত আৰু দৰিদ্ৰতাৰ পৰা পলায়ন কৰা বৃহৎ সংখ্যক লোকে প্ৰতি বছৰে আফ্ৰিকাৰ পৰা ইটালীলৈ প্ৰব্ৰজিত হৈ যায়।


ইটালীৰ আনছা সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, মৃতসকলৰ মাজত মাত্ৰ কেইমাহমান বয়সৰ বুলি অনুমান কৰা এটা কেঁচুৱাও আছে। সেই স্থান পৰিদৰ্শন কৰা স্বৰাজ মন্ত্ৰী মেটিঅ’ পিয়ান্টেড’ছিয়ে কয় যে এতিয়াও ৩০ জন লোক নিৰুদ্দেশ হৈ থাকিব পাৰে।


উপকূলৰক্ষী বাহিনীয়ে জনোৱা মতে ডুব যোৱাৰ পিছত পাৰত উপনীত হ’বলৈ সক্ষম হোৱা কিছুমানকে ধৰি ৮০ জন লোকক জীৱিত অৱস্থাত ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। কেইবাদিনো পূৰ্বে তুৰস্কৰ পৰা যাত্ৰা কৰা এই নাওখনত আফগানিস্তান, পাকিস্তান, ছোমালিয়া আৰু ইৰাণৰ যাত্ৰী আছিল। ৰাষ্ট্ৰপতি চাৰ্জিঅ’ মাটাৰেলাই কয় যে বহুতে “অতি কঠিন পৰিস্থিতি”ৰ পৰা পলায়ন কৰিছে।


উল্লেখযোগ্য যে, শুল্ক আৰক্ষীয়ে জনোৱা মতে, প্ৰব্ৰজনকাৰী সৰবৰাহৰ অভিযোগত এজন জীৱিত লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ৰুক্ষ বতৰত সাগৰৰ প্ৰবল জোৱাৰত নাওখন ডুব যোৱাৰ ফলত স্থল আৰু সাগৰত বৃহৎ অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে। আহতসকলক ইতিমধ্যে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

শেহতীয়া বাতৰি